ঢকুৱাখনাৰ যুৱ মুগাপালক ঋতুৰাজ ফুকনৰ অনন্য নিদৰ্শন
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : সোণালী সূতাৰ দেশ অসম। অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক, গৌৰৱৰ বাহক মুগা শিল্প।প্রাচীন কালৰে পৰাই মুগা শিল্পই অসমক এক সুকীয়া মৰ্যদা প্ৰদান কৰি আহিছে।অসমৰ মুগাশিল্পই ইতিমধ্যে ভৌগলিক সূচাংক (GI tag) লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমৰ মুগাই সমগ্ৰ বিশ্বতে গঢ়ি তুলিছে এক সুকীয়া পৰিচয়।সমগ্ৰ বিশ্বতেই সমাদৃত এই মুগা শিল্পৰ ক্ষেত্ৰত ঢকুৱাখনাৰ আছে এক সুকীয়া পৰিচয়।ঢকুৱাখনাৰ শ-শ পৰিয়ালে অতীজৰে পৰা মুগা পালনত জড়িত হৈ আহিছে।ঢকুৱাখনাৰ প্ৰায় ১৫ হাজাৰ লোক জড়িত হৈ আছে মুগা পালনত।পৰম্পৰাগত জ্ঞানেৰে সমৃদ্ধ ঢকুৱাখনাৰ এইসকল কৃষকে মুগা পালন আৰু সুতা বস্ত্ৰ উৎপাদনেৰে গ্ৰাম্য অৰ্থনীতিৰ বহনক্ষম বিকাশ সাধন কৰিবলৈ সক্ষম হৈছে।কিন্তু গোলকীয় উষ্ণতাবৃদ্ধি আৰু জলবায়ুৰ দ্ৰুত পৰিবৰ্তনে অসমৰ মুগা শিল্পলৈ কঢ়িয়াই আনিছে সংকটৰ অশনি সংকেত। উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ দ্ৰুত পৰিবৰ্তনৰ বাবেই আহাৰ, ভাদ আৰু কাতি মাহত সঁচ উৎপাদনৰ বাবে কৰা মুগাৰ খেতি ঢকুৱাখনাৰ প্ৰায়বোৰ অঞ্চলতে বিনষ্ট হৈছে। এইবেলিৰ মাত্ৰাধিক উষ্ণতা বৃদ্ধিয়ে পুহ মাহত কৰা জাৰুৱা মুগা পালনৰ বাবে যাৱতীয় সঁচৰ যোগান শৃংখলত বিৰূপ প্ৰভাৱ পেলাইছে।ইয়াৰ ফলশ্ৰুতিতে বাণিজ্যিকভাৱে জাৰোৱা মুগা পালনৰ বাবে সঁচুৱা মুগালাট বিছাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ঢকুৱাখনাৰ একাংশ মুগা কৃষকে। উল্লেখ্য যে মুগা সঁচৰ বাবে ১৯৬২ চনতে অসম চৰকাৰৰ ৰেচম বিভাগে ২২০ বিঘা মাটি সামৰি মুগা সঁচ উন্নয়ন প্ৰকল্প স্থাপন কৰিছিল। কিন্তু ৬০ বছৰৰো অধিক পুৰণি এই বিশাল মাটিকালিত থকা চোমনিখন আৰু সঁচ উন্নয়ন প্ৰকল্পটোৱে বৃহত্তৰ ঢকুৱাখনাৰ হাজাৰ মুগা পালকৰ বাবে কোনো ফলপ্ৰসূ কাম কৰিবলৈ সক্ষম হোৱা নাই। হাজাৰ হাজাৰ জোপা চোম গছসহ মুগা পালনৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা চৰকাৰীভাৱে থকাৰ পিছতো প্ৰকল্পটোৱে এজনো মুগাপালকক প্ৰয়োজনীয় মুগাৰ সঁচ যোগান ধৰিবলৈ সক্ষম হোৱা নাই। ফলত ঢকুৱাখনাৰ মুগা পালকে সঁচ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তৰৰ উপৰিও মেঘালয়ৰ গাৰো পাহাৰ আদিৰ পৰা সময় আৰু অৰ্থ ব্যয় কৰি মুগাৰ সঁচ আনিব লগা হৈছে। ঢকুৱাখনাৰ মুগা পালকে চৰকাৰী প্ৰকল্পৰ মুগা সঁচৰ বাবে আশা নকৰি গাৰো পাহাৰৰ পৰা মাত্ৰাধিক অৰ্থ আৰু সময় ব্যয় কৰি কতীয়া বাঁহৰ সঁচ আনি মুগা পালন কৰি জীৱিকাৰ বাট মোকলাবলৈ সক্ষম হোৱাই নহয় বহু মুগা পালকক জাৰুৱা মুগাৰ উৎকৃষ্ট সঁচ যোগান ধৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ঢকুৱাখনাৰ এজন উদ্যমী যুৱ মুগা পালকে চৰকাৰৰ ৰেচম বিভাগৰ কোনো ধৰণৰ সহায়তা অবিহনেই নিজা প্ৰচেষ্টাৰেই মুগা পালনৰ জৰিয়তে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।ঢকুৱাখনা বান্তৌ গাঁৱৰ শিক্ষিত যুৱক ঋতুৰাজ ফুকনে গাৰো পাহাৰৰ পৰা হাজাৰে প্ৰতি ১৫ হাজাৰ টকা দি মাত্ৰ ১ হাজাৰ মুগাৰ সঁচ আনি কতীয়া মুগা পুহি প্ৰায় ২৫ হাজাৰ মুগা উৎপাদন কৰিবলৈ সক্ষম হৈছে। জাতীয় স্বকীয়তা বজাই ৰাখি হাজাৰ বাধাৰ নেওচি বছৰৰ প্ৰতিটো সময়তে মুগা পালনত ব্যস্ত হৈ থকা যুৱকজনে শেহতীয়াকৈ দাঙি ধৰিলে এক অনন্য নিদৰ্শন। ২৮ দিনত মাত্ৰ ১৫ হাজাৰ টকাৰে ক্ৰয় কৰা মুগাৰ সঁচখিনিৰে মুগা পালন কৰি ২৫ হাজাৰ কতীয়া মুগাৰ সঁচ উৎপাদন কৰিবলৈ সক্ষম হয়। আজি সেই মুগাখিনিৰ জালি ভাঙি ঢকুৱাখনা-ধেমাজিৰ বিভিন্ন প্ৰান্তৰ ৪০ গৰাকী মুগা পালকক প্ৰতি হাজাৰত ৯ হাজাৰ টকা দৰত ২৫ হাজাৰ মুগা সঁচৰ বাবে যোগান ধৰে। এইদৰে তেওঁ বৃদ্ধ পিতৃ আৰু পৰিয়ালৰ সহযোগত মাত্ৰ ২৮ দিনত ১৫ হাজাৰ টকা বিনিয়োগ কৰি ২৫ হাজাৰ মুগাত ২লাখ ২৫হাজাৰ উপাৰ্জন কৰি মুগাপালকসকলক সাহস আৰু সফলতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে ৰাজ্যৰ মুগা কৃষকক আশাৰ ৰেঙনি দেখুৱাবলৈ সক্ষম হৈছে।উল্লেখ্য যে,ঋতুৰাজ ফুকনে দুটা দশক ধৰি নিজৰ ঘৰৰ চুমনিৰ লগতে অৰুণাচল প্ৰদেশতো বছৰৰ ৬-৭ টা মাহ মুগা খেতি কৰি আহিছে।ইয়াৰ পৰা উৎপাদিত মুগা লেটাৰ পৰা ঘৰতে স্থাপন কৰা ক্ষুদ্ৰ বয়ন উদ্যোগৰ দ্বাৰা বিভিন্ন থলুৱা মুগাৰ সাজ প্ৰস্তুত কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ অন্যসকলক কৰ্মসংস্থাপনৰ বাট দেখুৱাই উৎসাহিত তথা অনুপ্ৰাণিত কৰি আহিছে। ঋতুৰাজ ফুকনে নিজে উৎপাদন কৰা খাঁটি মুগাৰ পৰপম্পৰাগত বস্ত্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ইংলেণ্ড, আমেৰিকাতো বিষেকভাৱে সমাদৰ লাভ কৰিছে।
প্ৰেৰক পুলকজ্যোতি বৰা