ছত্ৰং নদীৰ ওপৰত নিৰ্মাণ নহ’ল দলংঃ বিপদসংকুল যাত্ৰা উত্তৰ ছত্ৰং মাজগাঁওবাসীৰ
নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ স্বাধীনতা লাভৰ সাতটা দশকৰ পিছতো সুচল যাতায়াত ব্যৱস্থাৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে গহপুৰ মহকুমাৰ ছত্ৰং গাঁও পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ অন্তৰ্গত উত্তৰ ছত্ৰঙৰ মাজগাঁওবাসীয়ে। উল্লেখ্য যে গহপুৰ নগৰৰ সমীপৱৰ্তী উত্তৰ ছত্ৰঙৰ মাজগাঁৱৰ ৰাইজে সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষৰ অৱহেলা তথা অমনোযোগিতাৰ বাবেই আজিকোপতি যাতায়াতৰ ক্ষেত্রত ব্যাপক সমস্যা তথা হাৰাশাস্তিৰ সন্মুখীন হৈ আহিব লগা হৈছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু নিলগত উত্তৰ দিশত অৱস্হিত ছত্ৰং মাজগাঁৰ ৰাইজে গহপুৰ নগৰ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী এলেকা হিচাবে যাতায়াতৰ সা- সুবিধাৰ ক্ষেত্রত অগ্ৰাধিকাৰ পাব লাগিছিল যদিও বৰ্তমান ইয়াৰ এখন ওলোটা ছবিহে দেখা পোৱা গৈছে। উল্লেখ্য যে পাহাৰীয়া খৰস্ৰোতা ছত্ৰং নদীৰ পূৱ পাৰত অৱস্হিত উত্তৰ ছত্ৰং মাজগাঁৱত প্ৰায় ডেৰকুৰি পৰিয়ালে বসবাস কৰি আহিছে। কঠোৰ শ্ৰম কৰি কৃষি কৰ্ম অথবা দিন মজুৰী কৰি জীৱিকা নিৰ্বাহ কৰি অহা উক্ত ডেৰকুৰি পৰিয়ালে যাতায়াতৰ বাবে ছত্ৰং নদী পাৰ হোৱাৰ বাহিৰে আন কোনো বিকল্প উপায় নাই। এনে ক্ষেত্ৰত ছত্ৰং মাজগাঁওবাসী ৰাইজৰ যাতায়াতৰ বাবে ছত্ৰং নদীৰ ওপৰত এখন পকী অথবা কাঠৰ দলং এক অপৰিহার্য বিষয়। কিন্তু এই ক্ষেত্রত সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই আজিকোপতি গাঁও খনক সংযোগ কৰি ছত্ৰং নদীৰ ওপৰত নিৰ্মাণ কৰা নহ’ল এখন পকী অথবা কাঠৰ দলং। এনে অৱস্থাত ছত্ৰঙৰ দৰে এখন খৰস্ৰোতা নদীৰ ওপৰেদি বাহঁৰ দলঙেৰেই আজিকোপতি উত্তৰ ছত্ৰং মাজগাঁৱৰ ৰাইজে বিপদ সংকুল যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। মাজে- সময়ে স্থানীয় ৰাইজ অথবা গাঁও পঞ্চায়তৰ তৰফৰ পৰা পুনৰ নিৰ্মাণ কৰি লোৱা বাঁহৰ দলং খন সঘনাই জৰাজীৰ্ণ হৈ পৰে। এনে অৱস্থাত উক্ত বাঁহৰ দলঙৰ ওপৰেদি অতিশয় বিপদ সংকুল হৈ পৰে যাতায়াত ব্যৱস্থা। স্মর্তব্য যে এবছৰ মান পূৰ্বে জৰাজীৰ্ণ হৈ পৰা বাঁহৰ দলং খনৰ পৰা এখন স্কুটিসহ দুগৰাকী আৰোহী ছত্ৰং নদীৰ বুকুত বাগৰি পৰিছিল। উক্ত ভয়ংকৰ দুৰ্ঘটনাই ভুক্তভোগী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এনে অৱস্থাতো পঞ্চায়তৰ তৰফৰ পৰা বাঁহৰ দলং খন নতুনকৈ নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰে সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই । স্থানীয় একাংশ ভুক্তভোগী ৰাইজৰ পৰা জানিব পৰা মতে, উক্ত বাঁহৰ দলঙৰ ঠাইত এখন পকী অথবা কাঠৰ দলং নিৰ্মাণ কৰিবৰ বাবে গহপুৰৰ জন প্ৰতিনিধি গৰাকীৰ ওচৰত একাধিক বাৰ আবেদন জনোৱা হৈছে যদিও আজিকোপতি ভুক্তভোগী ৰাইজৰ আশা পূৰ্ণ হোৱা নাই। প্ৰনিধানযোগ্য এই যে উক্ত বাঁহৰ দলঙৰ ওপৰেদি চাৰিকীয়া যান -বাহনৰ চলাচল অসম্ভৱ হোৱাৰ বাবে ১০৮ ৰ দৰে জৰুৰীকালীন স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰাৰ পৰাও মাজগাঁওবাসী ৰাইজ বঞ্চিত হৈ আহিছে। তদুপৰি ৰোগীয়া ব্যক্তি, বয়সীয়াল ব্যক্তিৰ লগতে কণ কণ শিক্ষাৰ্থী সকলৰ যাতায়াতৰ ক্ষেত্রত উক্ত বাঁহৰ দলং খন নিৰাপদ নহয় বুলি স্থানীয় ভুক্তভোগী ৰাইজে মত প্ৰকাশ কৰিছে।অন্যহাতেদি বাৰিষা কালত বাঁহৰ দলং খন বিধ্বস্ত হৈ পৰিলে উপায়ন্তৰত একাংশ ভুক্তভোগী ৰাইজে ছত্ৰং নদীৰ খৰস্ৰোতা জল প্ৰবাহৰ মাজেদিয়েই অত্যন্ত বিপদ সংকুল যাতায়াত কৰিবলৈ বাধ্য হৈ পৰে বুলিও একাংশ ভুক্তভোগী ৰাইজে জানিবলৈ দিছে। শেহতীয়াকৈ চলিত বৰ্ষত ছত্ৰং নদীৰ বাঢ়নী পানীৰ তাণ্ডৱত এক প্ৰকাৰ বিধ্বস্ত হৈ পৰা বাঁহৰ দলং খন ৰাইজে মেৰামতি কৰি বৰ্তমান কোনোমতে এক বিপদ সংকুল যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিব লগা হৈছে ভুক্তিভোগী ৰাইজে। এনে ক্ষেত্ৰত অনতিপলমে উক্ত বাঁহৰ দলঙৰ ঠাইত এখন পকী দলং নিৰ্মাণ কৰি উত্তৰ ছত্ৰং মাজগাঁওবাসী ৰাইজৰ সাতটা দশক জোৰা যাতায়াতৰ যাতনা দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ভুক্তভোগী ৰাইজে পুনৰবাৰ সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।