নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত লোকনিৰ্মাণ বিভাগৰ উদ্যোগত বিশ্বকৰ্মা পূজা উপলক্ষে গছপুলি ৰোপণ

বার্তা বুৰো, ১৬ ছেপ্টেম্বৰঃ বিশ্বকৰ্মা পূজা উপলক্ষে মৰিগাঁৱ লোক নিৰ্মাণ বিভাগৰ উদ্যোগত আজি এক সচেতনতামূলক চাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁৱ জিলাৰ উপায়ুক্ত দেৱাশীস শৰ্মাই।মৰিগাঁৱ উপায়ুক্ত কাৰ্যলয়ৰ সমীপৰ পৰা আৰম্ভ হোৱা এই কায্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁৱ লোকনিৰ্মাণ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰীয়ে। এই অনুষ্ঠানত উপস্থিত থাকি মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই কয় যে পূজাৰ এই পবিত্ৰ ক্ষণত আমি সকলোৱে জনকল্যাণমূলক আঁচনি হাতত লব লাগে যাৰ দ্বাৰা সমাজ আৰু দেশৰ প্ৰগতি হয়।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like