নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বইটামাৰীত পথ দুৰ্ঘটনা; ট্ৰাক-কণ্টেইনাৰৰ মুখামুখী সংঘৰ্ষত নিহত এজন

নিয়মীয়া বাৰ্তা,২০ এপ্ৰিলঃ : বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয় । প্ৰাপ্ত তথ্য মতে, আজি পুৱা সাত বজাত তালগুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ০১ কিউ ০৭২৩ নম্বৰৰ মালবাহী ট্ৰাক আৰু ডব্লিউ বি ১১ এফ ২০০৪ নম্বৰৰ এখন কণ্টেইনাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ফলত মালবাহী ট্ৰাকখনৰ চালক গৰাকী থিতাতে নিহত হয় আৰু কণ্টেইনাৰখনৰ চালক গৰাকী গুৰুতৰ ভাবে আহত হয়। নিহত চালক গৰাকী বৰপেটা জিলাৰ মন্দিয়াৰ ভৈৰাৰপামৰ কলিমুদ্দিন আহমেদ (৪২) বুলি জানিব পৰা গৈছ। উল্লেখযোগ্য যে ১১০৯ মালবাহী ট্ৰাকখন তৰ্মুজ ভৰ্তি লগতে গুৱাহাটী অভিমুখী আছিল । ইপিনে কণ্টেইনাৰখন গুৱাহাটীৰ পৰা বক্সিৰহাট অভিমুখে গৈ আছিল । ইতিমোধ্যে আৰক্ষীয়ে নিহত চালক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনত্তোৰ পৰীক্ষাৰ বাবে বঙাইগাওলৈ প্ৰেৰন কৰাৰ লগতে আহত চালক জনক চিকিৎসালয়ত ভৰ্তি কৰাইছে।

 

প্ৰেৰক:ৰুবুল কান্তি দাস

You might also like