নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ শিঙিমাৰীত পথ দুৰ্ঘটনা, আহত স্কুলীয়া ছাত্ৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ৰূপহীহাটৰ শিঙিমাৰীত আজি দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ তেজপুৰৰ পৰা আহি থকা এএছ-০২-ডিচি-৮০০৬ নম্বৰৰ টাটা মোবাইল আৰু নগাঁৱৰ পৰা গৈ থকা এএছ-০২-এজি-৬৯৮৭ নম্বৰৰ গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটি৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এজন পথচাৰী স্কুলীয়া ছাত্ৰ৷ আহত হোৱা ছাত্ৰজনক ৰাইজৰ তৎপৰতাত চিকিৎসালত ভৰ্তি কৰোৱা হয়৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখন জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like