খগৰপুৰত জোনমনি ৰাভা হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্ত-দোষীৰ শাস্তিৰ দাবীত ৰাভা জাতীয় সংগঠনৰ পথ অৱৰোধ
নিয়মীয়া বাৰ্তা, ২৪ মে’: জোনমনি ৰাভাৰ হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ উপযুক্ত শাস্তিৰ দাবীত আজি বঙাইগাওঁ জিলাৰ খগৰপুৰত কেবাটাও ৰাভা জাতীয় সংগঠনে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পথ অৱৰোধ কৰে। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা মহিলা পৰিষদৰ লগতে কেইবাটাও ৰাভা জাতীয় সংগঠনৰ বঙাইগাওঁ জিলা সমিতিৰ উদ্যোগত ৰূপায়ন হোৱা পথ অৱৰোধৰ ফলত বহ সময় জুৰি শ-শ মালবাহী ট্ৰাকৰ লগতে যাত্ৰীবাহী বাছ আৰু অন্যান্য যান বাহন পথটোত আৱদ্ধ হৈ পৰে। অসম চৰকাৰ হায় হায় ,গৃহবিভাগ হায় হায়, জোনমনি হত্যাকাণ্ডৰ ন্যায় লাগে আদি বিভিন্ন শ্লগানেৰে অৱৰোধস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। পিচত উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়াকে আদি কৰি আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল অৱৰোধ থলীত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক অৱৰোধ কাৰ্যসুচী প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। অৱৰোধবথলীৰ পৰাই প্ৰতিবাদকাৰী সংগঠন সমূহে ভাৰতৰ ৰাষ্ট্ৰপতি, অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে যৌথ স্মাৰকপত্ৰ প্ৰদান কৰি অৱৰোধ উঠাই লয়। স্মাৰক পত্ৰৰ জৰিয়তে জাতীয় সংগঠন কেইটাই আৰক্ষী বিষয়া জোনমনিৰ পৰিকল্পিত হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে।
প্ৰেৰক: ৰুবুল কান্তি দাস