নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ মালিবাৰী মুছলিম চাৰিআলীত জলমগ্ন পকী ৰাজপথত ৰাইজৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চ: বকো সমষ্টিৰ মালিবাৰী অঞ্চলত আজিকোপতি যাতায়তৰ নামত ৰাইজে নৰক যন্ত্ৰণা ভুগি আহিছে। অঞ্চলটোৰ মুছলিম চাৰিআলীত পকী ৰাজপথ ভাঙি পুখুৰীৰ ৰূপ লৈছে ,যান-বাহন,পথচাৰীয়ে নিতৌ মৰণত শৰণ দিহে যাতায়ত অব্যাহত ৰাখিছে। সেয়ে বিধ্বস্ত পকী ৰাস্তা মেৰামতিৰ দাবীত ৰাইজে আজি দুপৰীয়া উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে | সমষ্টিৰ বিধায়িকা নন্দিতা দাস হায় ,হায় ,আমাক ৰাস্তা লাগিবই ,অসম গড়কাপ্তানি বিভাগ হায়,হায়” আদি উত্তাল প্ৰতিবাদী শ্ল’গানত মুখৰিত হয় মালিবাৰী অঞ্চল। পুখুৰী সদৃশ পকী ৰাজপথৰ মাজত স্থানীয় গয়াই শীঘ্ৰে পথ মেৰামতিৰ দাবীত এই প্ৰতিবাদ সাৱ্যস্ত কৰে | ৰাইজৰ মনৰ স্বাভাৱিক প্ৰশ্ন-আগলৈ ৰাজপথ মেৰামতিৰ আগ্ৰহ দেখুৱাবনে সমষ্টিৰ বিধায়িকা কিম্বা চৰকাৰৰ সংশ্লিষ্ট বিভাগে ? কিয়নো নিতৌ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ থকা বিধ্বস্ত পথটি মেৰামতিৰ দিহা নকৰিলে আগলৈ ৰাইজৰ যাতায়তলৈ মহাবিপৰ্যয় অনিবাৰ্য।

প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা

You might also like