নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰত পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : পথ নিৰ্মাণৰ দাবীত কঁপি উঠিল গোৰেশ্বৰ চহৰ। বাইহাটা চাৰিআলিৰ গোৰেশ্বৰ হৈ বগামাটি সংযোগী জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত গোৰেশ্বৰবাসী ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদ ৰাইজে। উল্লেখ্য যে পূৰ্বৰ মঙলদৈ তথা বৰ্তমানৰ দৰং-ওদালগুৰি লোকসভা সমষ্টি আৰু নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অতি গুৰুত্বপূৰ্ণ এই পথছোৱাৰে প্ৰায়ে অহা-যোৱা কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়াৰ লগতে বহুকেইগৰাকী জনপ্ৰতিনিধিয়ে। তাৰ পিছতো পথটো মেৰামতি কৰাত কোনো এগৰাকী জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে ৰাইজে। যাৰ বাবে সময়ে সময়ে পথটোত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে ব্যাহত হৈ পৰে এম্বুলেঞ্চকে আদি কৰি বিভিন্ন জৰুৰীকালীন সেৱা।

প্ৰেৰক বিজয় ৰাজবংশী

You might also like