নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতুৰ্থ টেষ্টত ৫ উইকেটত জয়েৰে শৃংখলা দখল ভাৰতৰ

বিশেষ বাৰ্তা, ২৬ ফেব্রুৱাৰী : পাঁচ উইকেটত চতুৰ্থখন টেষ্টত জয়েৰে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতৰ ৷ আজি ৰাঁচী টেষ্টত জয়লাভৰ বাবে ভাৰতক প্রয়োজন হোৱা ১৫২ ৰান সংগ্ৰহ কৰাৰ লগে লগে শৃংখলা নিজৰ দখললৈ আনে ভাৰতীয় দলটোৱে ৷ কালি দিনান্তলৈ কোনো হানি–বিঘিনি নঘটাকৈ ভাৰতে সংগ্রহ কৰিছিল ৪০ ৰান৷ ৰোহিত শর্মাই ২৪ আৰু যশস্বী জয়ছোৱাল ১৬ ৰানত অপৰাজিত হৈ আছিল৷ উল্লেখ্য যে প্রথম ইনিংছত ইংলেণ্ডে ৩৫৩ ৰান সংগ্রহ কৰিছিল৷ সেইটো ইনিংছত জ’ ৰুটে ১২২ ৰানৰ এটি দর্শনীয় ইনিংছ উপহাৰ দিছিল৷ ১১২ ৰানত পাঁচটা উইকেট হেৰুৱাই শ’লঠেকত পৰা ইংলেণ্ডক অক্সিজেন প্রদান কৰিছিল তেওঁ৷ ৰুটক সুন্দৰ সহযোগিতা আগবঢ়াই বেন ফ’কছে কৰিছিল ৪৭ ৰান৷ লৱাৰ অর্ডাৰত অ’লি ৰবিনছনে গুৰুত্বপূর্ণ ৫৮ ৰান যোগ দি দলক শক্তিশালী স্থিতিত উপনীত কৰিছিল৷ শুকান পিটছত প্রথম দিনাৰ পৰা বল নিম্নমুখী হৈছিল৷ এনে পিটছত ৰান কৰা কঠিন হ’ব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু ৰুটে দর্শনীয় বেটিঙেৰে প্রমাণ কৰি দিছিল যে এনে পিটছতো ৰান কৰা কঠিন নহয়৷ ভাৰতীয় বেটাৰসকলৰ অধিকাংশই তেনে কৰিব নোৱাৰিলে যদিও যশস্বী জয়ছোৱালে ৭৩ ৰান কৰি দলক ভৰসা দিছিল৷ কালি পুৱাৰ ভাগত ধ্রুৱ জুৰেল আৰু কুলদীপ যাদৱে দললৈ আশাৰ ৰেঙনি আনিছিল৷ কিন্তু শতৰানৰ পৰা ১০ ৰান দূৰত থাকোঁতে আউট হয় জুৰেল৷ ফলত ইংলেণ্ডে প্রথম ইনিংছত ৪৬ ৰানৰ অগ্রগতি লাভ কৰে৷ দ্বিতীয় ইনিংছত ইংলেণ্ডক সুযোগেই নিদিলে ভাৰতে৷ ভাৰতীয় স্পিনাৰসকলৰ সন্ত্ৰাসত তাচপাতৰ দৰে খহি পৰিছিল ইংলেণ্ডৰ ইনিংছ৷ ১৯ ৰানতে দুটা উইকেট হেৰুওৱা ইংলেণ্ডে প্রত্যাৱর্তন ঘটাবলৈ সক্ষম নহ’ল৷ জেক ক্র’লিয়ে সর্বাধিক ৬০ ৰান সংগ্রহ কৰাৰ উপৰি বেয়াৰষ্ট’য়ে ৩০ ৰান কৰে৷ ৰবিচন্দ্রন অশ্বিনে ৫টা উইকেট দখল কৰি ইংলেণ্ডৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে৷ ফলত মাত্র ১৪৫ ৰানতে দ্বিতীয় ইনিংছ সামৰিবলৈ বাধ্য হয় আলহী দলটোৱে৷ কুলদীপে দখল কৰে ৪টা উইকেট৷ আজি ১৫২ ৰানৰ লক্ষ্যৰে বেটিং মুকলি কৰি ভাৰতীয় দলটোৱে পাঁচটা উইকেট হেৰুৱাই প্ৰয়োজনীয় ৰানখিনি সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ভাৰতীয় দলটোৰ ৰোহিত শৰ্মা আৰু শুভমন গিলে অৰ্ধশতকীয়া ইনিংছ খেলে। আজিৰ জয়েৰে ভাৰতীয় দলটোৱে ইনিংছ দখল কৰিবলৈ সক্ষম হয়।

You might also like