নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ জৰাজীৰ্ণ বিধ্বস্ত পথে জলাকলা খুৱাইছে জনতাক

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ : জোনাই সদৰৰ পৰা মাত্ৰ আঢ়ৈ কিলোমিটাৰ নিলগৰ কুলি তিনিআলিস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী নাহৰ বন্দনা হৈ প্ৰায় কুৰি খনতকৈও অধিক গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ গড়কাপ্তানী পথৰ জৰাজীৰ্ণ দুৰৱস্থাই জলা-কলা খুৱাইছে ৰাইজক। বহু বছৰ আগতে গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰা পথচোৱা মেৰামতিৰ অভাৱত জহিখহি যোৱাত এতিয়া পথৰ মাজভাগত সৃষ্টি হৈছে বৃহৎ বৃহৎ আকাৰৰ গাত। ফলত ভিতৰুৱা অঞ্চলত থকা কুৰি খনতকৈও অধিক গাঁৱৰ ৰাইজে যোগাযোগ কৰা একমাত্ৰ পথচোৱাৰ এনে পৰিৱেশত ৰাইজে যাতায়তৰ ক্ষেত্ৰত অতিবাহিত কৰিবলগীয়া হৈছে দুৰ্ভিক্ষৰ জীৱন। বাৰিষাৰ কথাটো বাদেই খৰালি কালতো দৈনিক সহস্ৰাধিক লোকে যাতায়ত কৰা পথচোৱাৰ এনে দুৰৱস্থাৰ বাবে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰোগী, বেপাৰ বাণিজ্য আদি লোকে ভুগিবলগীয়া হৈছে যমৰ যাতনা। পথচোৱাৰ এনে দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ৰাইজে বিভিন্ন সময়ত চৰকাৰ অথবা স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰি আহিছে যদিও আজি কোপতি পথচোৱা পুনৰ মেৰিমতিৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত খুউব প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।গতিকে বাৰিষা অহাৰ পূৰ্বে ভিতৰুৱা অঞ্চলটোত বসবাস কৰা ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে স্থানীয় বিধায়ক অথবা চৰকাৰে দৃষ্টি গোচৰ কৰি অতি শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবী তুলিছে অঞ্চলটোৰ ৰাইজে।
প্ৰেৰক কৰবী দলে
You might also like