নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভয়াপুৰীত ডকাইতৰ দলে হত্যা কৰিলে গৃহস্থক

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ডকাইতৰ দলে হত্যা কৰিলে গৃহস্থক। হত্যা কৰি ডকাইতৰ দলে লুটি নিলে সোণ-ৰূপসহ ১ লাখ টকা নগদ ধন। ডকাইতৰ দলে হত্যা কৰা লোকজন অভয়াপুৰী পিৰাধৰাৰ কৃষ্ণ মণ্ডল বুলি জানিব পৰা গৈছে। চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে পুৱতিনিশা। ঘটনাস্থলীত উপস্থিত হৈছে জিলা আৰক্ষী অধীক্ষক মোহনলাল মীনা, অতিৰিক্ত আৰক্ষী সবিতা দাসসহ আৰক্ষীৰ দল। উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য, পত্নীয়ে জনোৱা মতে কৃষ্ণ মণ্ডলক হত্যা কৰি পত্নীকো বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰিছিল ডকাইতৰ দলে। চোকা অস্ত্ৰৰে শৰীৰৰ কেবাঠাইতো আঘাত কৰাৰ চিন স্পষ্ট আছে।

প্ৰেৰক বিনোদ বিহাৰী নাথ

You might also like