নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত সমবায় সমিতি সমূহৰ প্ৰতিবাদ,পৰিবহন ব্যয়-কমিছনৰ ধন আদায় দিয়াৰ দাবী

নিয়মীয়া বাৰ্তা  ৩০ নৱেম্বৰ:-ৰঙিয়াত সমবায় সমিতি সমূহৰ প্ৰতিবাদ । সমবায় সমিতি সমুহৰ পৰিবহণ ব‍্যয় আৰু কমিছনৰ ধন আদায় দিয়াৰ দাবীত অৰ্ধশতাধিক সমবায় সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । খাদ‍্য সুৰক্ষা আইনৰ চাউলৰ লগতে মধ‍্যাহ্ন ভোজন , প্ৰধানমন্ত্ৰী গৰীৱ কল‍্যাণ আঁচনি , অন্ত‍্যোদয়া আঁচনি , মধ‍্যাহ্ন ভোজন , অংগনবাদীৰ চাউল সমবায় সমূহে দৰিদ্ৰ হিতাধিকাৰীক বিতৰণ কৰি আহিছে । কিন্তু সমবায় সমিতি সমূহে ইয়াৰ বিনিময়ত চৰকাৰৰ পৰা পাব লগীয়া পৰিবহন ব‍্যয় আৰু কমিছনৰ ধন প্ৰায় দুবছৰ ধৰি পোৱা নাই । যাৰ বাবে সমবায় সমিতি সমূহে গভীৰ আৰ্থিক সংকটত ভুগিব লগীয়া হৈছে । অনাদায় হৈ থকা এই প্ৰাপ্য ধন আদায় দিয়াৰ দাবীত ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত সমবায় সমিতি সমূহে মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্য‍্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

You might also like