নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত এদিনতে ধর্ষণৰ গোচৰৰ বিচাৰ প্রক্রিয়া সম্পন্ন

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ বিহাৰত কিশোৰী ধর্ষণকাৰীৰ বিৰুদ্ধে পকছো (পি’চিএছ’) আদালত এখনে এদিনৰ ভিতৰতে বিচাৰ প্রক্রিয়া সম্পন্ন কৰি ৰায়দান কৰা ঘটনাক লৈ বিভিন্ন মহলে প্রশংসা কৰিছে আদালতখনক৷ অতি দ্রুততম শুনানি হিচাপে এয়া চিহ্ণিত হৈছে দেশৰ বিচাৰ প্রক্রিয়াত৷ ৰাজ্যখনৰ আৰাৰিয়া জিলাত আঠ বছৰীয়া কিশোৰী এজনীৰ ধর্ষণত অভিযুক্ত লোকৰ বিৰুদ্ধে আদালতখনে যাৱজ্জীৱন কাৰাদণ্ড শুনাইছে৷ শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধমূলক গোচৰত এই ৰায়দানক এক নজিৰ বুলি অভিহিত কৰিছে বিভিন্ন মহলে৷ আদালতখনৰ বিশেষ দণ্ডাধীশ শশীকান্তে গোচৰটোত দোষী সাব্যস্ত হোৱা লোকজনক ৫০ হাজাৰ টকাৰ জৰিমনাও বিহিছে৷ ইয়াৰ উপৰি ধর্ষিতাগৰাকীৰ পুনৰ সংস্থাপনৰ বাবে সাত লাখ টকা ক্ষতিপূৰণ আদায় দিবলৈ নির্দেশ দিছে৷ এই গোচৰটোৰ তদন্তকাৰী আৰক্ষী বিষয়া আছিল আৰাৰিয়াৰ মহিলা আৰক্ষী থানাৰ বিষয়া ৰীতা কুমাৰী৷

You might also like