আৰএছএছৰ সহযোগত বগৰীবাৰীত শৰৎ পূৰ্ণিমা পালন
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহযোগত কালি নিশা শৰৎ পূৰ্ণিমা উপলক্ষে বগৰীবাৰীৰ ২৫হাত কালী মন্দিৰ প্ৰাংগণত শৰৎ পূৰ্ণিমা উৎসব পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্য কৰ্তাসকলে লগত স্বয়ংসেৱক সংঘৰ সয়ং সেবকসলৰ উপস্থিতিত কালি ৰাতি বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হ্য়। পিছত উপস্থিত থকা স্বয়ংসেৱক লগতে উপস্থিত ধকাসকলৰ উদ্দেশ্যে এই শৰৎ পূৰ্ণিমা সন্দৰ্ভত বিশদভাৱ আলোকপাত কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মহামায়া খন্ডৰ সম্পৰ্ক প্ৰমুখ তথা বিশিষ্ট যোগ প্ৰশিক্ষক দিলীপ পালে। এই শৰৎ পূৰ্ণিমাৰ ৰাতি মুক্ত আকাশ তলত পায়স ভক্ষণ কৰিলে দেৱতাসকলে আশীৰ্বাদ কৰে বুলি পৌৰাণিক লোক বিশ্বাস থকা বুলি বক্তব্যত বক্তাসকলে উল্লেখ কৰে। কালিৰ এই শৰৎ পূৰ্ণিমা ৰাতিৰ এই অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী বিভাগৰ শাৰিৰীক প্ৰমুখ ফনীন্দ্ৰ নাথ সূত্ৰধৰ,ধুবুৰী জিলা শাৰীৰিক প্ৰমুখ কৌশিক চক্ৰবৰ্তী,সয়ং সেৱক আশীষ সাহাৰ লগতে আন আন সকলে। পিছত উপস্থিত থকাসকলৰ মাজত পায়স বিতৰণ কৰা হয়। এই উপলক্ষে অঞ্চলটোৰ বহুসংখ্যক লোকে উপস্থিত থাকে।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰবৰ্তী