নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাঁচি খেতিয়কলৈ আশাৰ ৰেঙণিঃ সাঁচি গছৰ ব্যৱসায়ৰে স্বাৱলম্বী বোকাজানৰ ৰবেন টকবিঃ আন ১০ জনক দেখুৱাইছে আদৰ্শ

ড্ৰীল মেচিনেৰে পোক ভৰাই সুফল লাভ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ সাঁচি গছৰ উৎপাদন অৰ্থনৈতিক ক্ষেত্ৰখনৰ বাবে এক বিশেষ লাভজনক হিচাপে বিবেচিত হৈ আহিছে। ৰাজ্যৰ অৰ্থনীতিক এক নতুন ৰূপ দিয়াৰ পূৰ্ণ সম্ভাৱনা থকা সাঁচি গছৰ বাবে কাৰ্বি আংলঙৰ প্ৰাকৃতিক পৰিৱেশ তথা সামগ্ৰিক বাতাবৰণ বিশেষভাৱে উপযোগী বুলি সাধাৰণতে জনা যায়। পাহাৰীয়া জিলাখনৰ বোকাজান মহকুমাৰ বিস্তৃত এলেকাত সাঁচি গছ যথেষ্ট পৰিমাণে পোৱা যায় যদিও নিৰ্দিষ্ট কেতবোৰ কাৰকৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সাঁচি গছৰ উৎপাদন হোৱাৰ পিছতো এলেকাটোৰ কৃষকসকলে কোনোধৰণে লাভাণ্বিত হʼব পৰা নাই। জানিব পৰা মতে, বজাৰত বিশেষ চাহিদা থকা সাঁচি গছ বজাৰৰ বাবে উপযোগী হৈ উঠাৰ বাবে এক বিশেষ প্ৰজাতিৰ পোকৰ প্ৰয়োজন।

সাঁচি গছত এই বিশেষ প্ৰজাতিৰ পোকবিধ নহʼলে বজাৰত সাঁচি গছৰ কোনো মূল্য নাথাকে বুলি গণ্য কৰা নহয়। বোকাজান এলেকাত থকা এইসমূহ সাঁচি গছত বিশেষ পোকবিধ নোহোৱাৰ বাবে কাৰ্বি আংলঙত উৎপাদিত সাঁচি গছ সমূহে বজাৰ দখল কৰিব নোৱাৰাৰ ফলত কৃষকসকলেও কোনো লাভৰ মূখ দেখিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ মাজতে বোকাজান মহকুমাৰ এগৰাকী উদ্যমী সাঁচি গছৰ খেতিয়কৰ উৎসাহী পদক্ষেপৰ বাবে এলেকাটোৰ সাঁচি গছৰ খেতিয়কসকলৰ মাজত আশাৰ সঞ্চাৰ হোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, বোকাজান মহকুমাৰ অন্তৰ্গত জপৰাজানৰ পূৰ্ণ হাঞ্চে গাঁৱৰ ৰবেন টকবি নামৰ কৃষকগৰাকীয়ে অন্যান্য খেতিৰ লগতে বিগত কেইবা বছৰ ধৰি সাঁচি গছৰ উৎপাদনৰ সৈতে জড়িত হৈ আহিছে।

সাঁচি গছৰ খেতিৰ পৰা‌ কোনোধৰণে লাভৰ মূখ নেদেখা টকবিয়ে যোৱা প্ৰায় পাঁচ বছৰৰ পূৰ্বে গোলাঘাট জিলাৰ বৰহোলাৰ পৰা‌ এই বিশেষ প্ৰজাতিৰ পোকবিধ আনি নিজৰ বাগিছাত থকা সাঁচি গছৰ দেহত ড্ৰীল মেচিনেৰে ফুটা কৰি পোক সমূহ থকাৰ ব্যৱস্থা কৰি দিয়ে। টকবিৰ বাগিছাৰ সাঁচি গছত বাঁহ লোৱা পোকবিধে লাহে লাহে নিজৰ বাগিছাৰ চৌহদ অতিক্ৰমী কাষৰীয়া অন্য এলেকালৈকে বিয়পি পৰা বুলি খেতিয়কগৰাকীয়ে জানিবলৈ দিয়ে । টকবিৰ বাগিছাৰ পৰা ক্ৰমাৎ বিয়পি পৰা এই পোকবিধে শেহতীয়াকৈ জপৰাজানৰ লগতে চাফাপানী, ৰঙাগড়া আদি এলেকাৰ সাঁচি গছলৈও সংক্ৰামিত হোৱা বুলি জানিব পৰা গৈছে। যাৰ ফলত, কৃষক ৰবেন টকবিৰ লগতে আশে-পাশে থকা আন বহু সাঁচি গছৰ কৃষক আৰ্থিক দিশত লাভাণ্বিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। সাঁচি গছত পোক ধৰিবলৈ লোৱা ঘটনাত উৎসাহিত হৈ পৰা আন বহু কৃষকে সম্প্ৰতি স্বাৱলম্বনৰ বাবে সাঁচি গছৰ উৎপাদনত মনোনিৱেশ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বোকাজান এলেকাৰ কৃষকসকলৰ এই প্ৰচেষ্টাই সাফল্যৰ মূখ দেখিবলৈ সক্ষম হʼলে সাঁচি গছৰ উৎপাদনে কাৰ্বি আংলঙৰ অৰ্থনীতিলৈ বৈপ্লৱিক পৰিবৰ্তন কঢ়িয়াই অনাৰ প্ৰচুৰ সম্ভাৱনা আছে।

প্ৰেৰকঃ প্ৰাণদ্বীপ চেতিয়া

You might also like