নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী–সৰভোগ বগৰীবাৰীত বিজেপিৰ ৰণদুন্দুভি

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ চিৰাং জিলা বিজেপিৰ উদ্যোগত বিজনীত বুধবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ সভাত অংশ লয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস৷ বিজনীৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আগন্তুক বিধানসভা নির্বাচনত ১০৩ আসন লৈ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে বুলি মন্তব্য কৰে৷ দাসে অসমত ১০০ প্লাছৰ হিচাপ ক’ত কেনেকৈ পাব তাৰ বর্ণনা কৰে৷ তেওঁ কয় যে বিজেপিৰ100+ ৰ ভিতৰত বিজনী বিধানসভা সমষ্টিটো সোমাই আছে৷ এই সংক্রান্তত বিজনী সমষ্টিটোৰ বিষয়ে ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বডোৰ লগত আলোচনা কৰি বিজেপিক বিজনী এৰি দিয়াৰ কথা কোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে৷ ভিচিডিচি গঠনৰ ক্ষেত্রত বিজেপিয়ে নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰে৷ আনফালে তেওঁ লগতে ভিচিডিচি নির্বাচন অকলেই খেলিব বুলি মন্তব্য কৰে৷ তেওঁ বিধানসভা নির্বাচনৰ পিছতেই ভিচিডিচি নির্বাচন অনুষ্ঠিত কৰিব বুলি কয়৷ তেওঁ কয় যে এতিয়া সংখ্যালঘুসকল বিজেপিৰ সৱকা সাথ সৱকা বিশ্বাস আৰু সৱকা বিকাশৰ নীতিত আকৃষ্ট হৈছে৷ সভাত সভাপতি ৰঞ্জিত দাসৰ উপৰি বিজেপিৰ ৰাজ্যিক সম্পাদক সুকুমাৰ বিশ্বাস, চিৰাং জিলা বিজেপিৰ সভাপতি বিপ্লৱ দেৱনাথ, বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, কার্যবাহী সদস্য গৌতম দাস, মনোনীত সদস্য প্রদীপ বায়নসহ বিজেপিৰ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে৷

আনফালে দুই সহস্রাধিক লোক অংশগ্রহণ কৰা এই সভাতেই পাঁচ শতাধিকে বিজেপিত যোগদান কৰে৷ বগৰীবাৰীৰ আটানীত আজি বিজিপি দলৰ এখন সভা অনুষ্ঠিত হয়৷ বিলাসীপাৰা টাউন কমিটীৰ প্রাক্তন চেয়াৰমেন দীপ শর্মাই আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পূব ধুবুৰী জিলা সমিতিৰ সভাপতি প্রফুল্ল কলিতাই৷ ই এম গৌতম দাসে সংখ্যালঘু বসতিপ্রধান অঞ্চলটোৰ ৰাইজৰ ব্যাপক সঁহাৰি দেখি সমষ্টিটোৰ বিজিপি দলৰ প্রার্থীয়ে জয়যুক্ত হোৱাটো নিশ্চিত বুলি দাবী কৰে৷ সভাত বিলাসীপাৰা পূব সমষ্টি বিজেপি দলৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে বিজেপি দলৰ চৰকাৰখনে সবকা সাথ সবকা বিশ্বাস নীতিৰে কাম কৰি আছে বুলি মন্তব্য কৰে৷ বিজিপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে এইবাৰ বিজিপি দলে ১০৩খন আসন লাভ কৰিব৷ সভাপতি ৰঞ্জিত দাসে কয় যে চৰকাৰে দিয়া বিভিন্ন ধৰণৰ চৰকাৰী সা–সুবিধা সংখ্যালঘু ৰাইজেহে বেছিকৈ লাভ কৰিছে৷ এনে ক্ষেত্রত এইবাৰ সংখ্যালঘু বসতিপ্রধান বিলাসীপাৰা পশ্চিম সমষ্টিত বিজেপি দলে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ তেওঁ কয় যে সংখ্যালঘু বসতিপ্রধান অঞ্চলৰ পৰা বিজিপিৰ প্রার্থী জয়ী হৈ আহাটো দলে কামনা কৰিছে৷ সভাত বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিজেপিৰ প্রার্থিত্বৰ দাবীদাৰ ডাঃ আবু বক্কাৰ ছিদ্দিকৰ লগতে প্রার্থিত্বৰ দৌৰত থকা কেইবাজনো লোক উপস্থিত থাকে৷  বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে৷ পিছ পৰি থকা নাই সৰভোগ সমষ্টিৰ স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস৷ আজি সমষ্টিটোৰ নিচুকাত তেওঁ উপস্থিত হৈ বেঁকী নৈৰ খহনীয়াৰ প্রতি আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে অনুষ্ঠিত সভাত কংগ্রেছ দলক কঠোৰ সমালোচনা কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে৷ তেওঁ কয় যে কংগ্রেছ–এ আই ইউ ডি এফৰ একাংশ মৌলবী, মাতব্বৰে সংখ্যালঘুসকলৰ মন সলনি কৰি আহিছে৷ নির্বাচনৰ আগমুহূর্তত একাংশই গ্রামাঞ্চলৰ সংখ্যালঘু মহিলাসকলক ম্যানমাৰৰ ফটো ভিডি’ দেখুৱাই অস্থিৰ কৰি তোলে৷ তেওঁ কয় যে কংগ্রেছ শাসনত থাকিলে মুছলমান লোকৰ হত্যা হয়, ঘৰ পোৰা যায়, কিন্তু বিজেপি চৰকাৰৰ দিনত মুছলমান লোকৰ হত্যা দূৰৰ কথা, গাৰ নোম এডালো লৰা নাই৷

You might also like