নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত পুনৰ ক’ভিদৰ আতংকঃ জ্ঞান বিকাশ একাডেমীৰ ২২ জনৰ দেহত ক’ভিদৰ উপস্থিতি

 সাত দিনৰ বন্ধৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ ক’ভিদ মহামাৰীৰ ভয়াবহতা কিছু সাম কটাৰ সময়তে দৰং জিলাত পুনৰ ক’ৰোনাৰ ভয়াবহ ৰূপ দেখা গৈছে৷ মঙলদৈ চহৰৰ জ্ঞান বিকাশ একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ চেকেণ্ডাৰী স্কুলত আজি ২২ জন ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিদ মহামাৰীৰ উপস্থিতি ধৰা পৰে৷

উল্লেখ্য যে কালি দৰঙৰ তিনিখন বিদ্যালয়ৰ তিনিজন ছাত্ৰৰ দেহত ক’ভিদৰ উপস্থিতি ধৰা পৰিছিল৷ সেই তিনিখন বিদ্যালয় হল মঙলদৈৰ জ্ঞান বিকাশ একাডেমী, ছিপাঝাৰৰ ট্ৰিনিটি কলেজ আৰু খাৰুপেটীয়া প্ৰাথমিক বিদ্যালয়৷ সেয়ে এই বিদ্যালয়কেইখনত আজি ক’ভিদ পৰীক্ষা কৰাত জ্ঞান বিকাশৰ ২২ জন, ছিপাঝাৰৰ ট্ৰিনিটি কলেজৰ এজনৰ দেহত ক’ভিদৰ উপস্থিতি ধৰা পৰে৷ তিনিখন বিদ্যালয়ৰ প্ৰায় চাৰিশ ছাত্ৰ-ছাত্ৰীক ক’ভিদ পৰীক্ষা কৰা হৈছিল৷

জিলাখনৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত পল্লবী কচাৰীয়ে জনোৱা মতে মঙলদৈৰ জ্ঞান বিকাশ একাডেমী সাত দিনৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ লগতে বিদ্যালয়খন চেনিটাইজ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ বিদ্যালয় সমূহ দীঘলীয়া বন্ধ থকাৰ পিছত এতিয়া পৰ্য্যায় ক্ৰমে বিদ্যালয় সমূহ খোলাৰ পিছতে এনে পৰিস্থিতি ৰ সৃষ্টি হোৱাত জিলাখনত পুনৰ আতংকৰ সৃষ্টি হৈছে৷

You might also like