নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা আৰম্ভ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান, আনন্দিত ছাত্র-ছাত্ৰী

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ স্বাস্থ্য বিভাগৰ এছ অ’ পিৰ সম্পূৰ্ণ নীতি-নিয়মেৰে পাঠদান আৰম্ভ কৰিছে ৰঙিয়াৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয় কতৃপক্ষই । সুদীৰ্ঘ ২০ মাহৰ অন্তত বিদ্যালয়লৈ আহি আনন্দিত হৈ পৰিছে ছাত্র-ছাত্ৰীসকল। দীৰ্ঘ বিৰতিৰ অন্তত চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান। সুদীৰ্ঘ ২০ মাহে বিদ্যালয়সমূহ বন্ধ হৈ থকাত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছিল।

বিশেষকৈ দৰিদ্ৰ ছাত্র ছাত্ৰীসকলে এণ্ড্ৰয়িড মোবাইল নোহোৱা বাবে অনলাইন পাঠগ্ৰহণৰ পৰা বঞ্চিত হৈছিল । ইয়াৰ উপৰিও বহু অঞ্চলত নেটৱৰ্কৰ অসুবিধাৰ বাবেও ছাত্র ছাত্ৰী সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । আজিৰ পৰা এছঅ’পিৰ নিয়ম অনুসৰি পাঠদান আৰম্ভ কৰাত কণ কণ ছাত্র-ছাত্ৰী সকল আনন্দিত হৈ পৰে । এখন বেঞ্চত দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰীক বহিবলৈ দিয়া হৈছে । ইয়াৰ উপৰিও মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে । যিসকল ছাত্র-ছাত্ৰীয়ে মাস্ক পৰিধান কৰা নাই, তেওঁলোকক বিদ্যালয়ৰ তৰফৰ পৰা মাস্ক যোগান ধৰা হৈছে ।

Input: ফাৰুক হুছেইন , ৰঙিয়া 

You might also like