নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাগলীয়াত পিষ্টল সহ যুৱক গ্ৰেপ্তাৰ 

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ ধুবুৰী জিলাৰ ছাগলীয়া আৰক্ষীয়ে 7 mm পিষ্টল সহ এজন যুৱকক আটক কৰে। ধৃত যুৱক জন ছাগলীয়া প্ৰথম খণ্ড গাঁৱৰ নুৰ জামাল হক । ঘটনা বিবৰণি মতে, যোৱা নিশা গাওঁ খনৰ আতোৱাৰ আলী নামৰ যুৱক এজনক আন এজনৰ হৈ ধৃত নুৰ জামালে ভাৰাতিয়া গুণ্ডা হিচাবে পিষ্টল দেখুৱাই মৃত্যুৰ ভাবুকি দিয়ে। আনকি উক্ত পিষ্টলৰে আতোৱাৰক এজাই গুলি কৰে যদিও আন্ধাৰৰ বাবে কতমপি ৰক্ষা পৰে যুৱক গৰাকীয়ে । পিছত নিশাতে ঘটনা সন্দৰ্ভত ছাগলীয়া আৰক্ষীক অৱগত কৰে। ছাগলীয়া আৰক্ষীয়ে কালিৰে পৰা অভিযান চলাই আজি সন্ধিয়া পিস্থল সহ যুৱক জনক গ্ৰেপ্তাৰ কৰে। অৱশ্যে যুৱক জনৰ পৰা এ এছ ১৭ ডি ৪২৩৭ নম্বৰৰ বাইক এখন উদ্ধাৰ কৰে। সম্প্ৰীতি ছাগলীয়া আৰক্ষী চকীত ধৃত যুৱক জনক জেৰা অব্যাহত ৰাখিছে ।

You might also like