জামুগুৰিহাটত মুকলি হ’ল বেটাৰীচালিত ইলেকট্ৰ’নিক স্কুটিৰ ডিলাৰ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ: প্ৰদূষণমুক্ত পৰিৱেশ গঢ় দিয়াৰ উদ্দেশ্যে সৃষ্টি কৰা বেটাৰীচালিত ইলেকট্ৰ’নিক স্কুটিৰ এটি ডিলাৰ জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱত (১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত) কালি শুভ উদ্বোধন কৰা হয়৷অঞ্চলটোৰ এগৰাকী উদ্যমী যুৱক উৎপল হাজৰিকাৰ প্ৰচেষ্টাত মুলি হোৱা স্কুটি ডিলাৰটো শুভ উদ্বোধন কৰি মুকলি কৰে জামুগুৰিহাটৰ নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ সাংবাদিক হিৰণ্য বৰাই৷
উল্লেখ্য যে উদ্যমী যুৱক উৎপলে এবছৰ পূৰ্ৱে জামুগুৰিহাটৰ একে স্থানতে Used Car Dealer নামৰ এটি পূৰ্ৱে ব্যৱহৃত চাৰিচকীয়া বাহন বিক্ৰীৰ এটি ডিলাৰ খুলি কম মূল্যতে বাহন বিক্ৰী কৰি ৰাইজৰ সহযোগীতা লাভ কৰিবলৈ সক্ষম হৈছে৷
হিৰণ্য বৰা, জামুগুৰিহাট৷