বজালীৰ সন্তান বীৰ শ্বহীদ প্ৰণয় কলিতাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী শ্বহীদ দিৱস হিচাপে পালন
নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ ২০২০ চনৰ ২৯ জুলাইত মণিপুৰত উগ্ৰপন্থীৰ গুলীত দেশ মাতৃৰ হকে প্ৰাণৰ আহুতি দি শ্বহীদ হোৱা অসমৰ বীৰ শ্বহীদ তথা বজালী জিলাৰ অন্তৰ্গত ঘটবৰ সদেৰীৰ সুযোগ্য সন্তান প্ৰণয় কলিতাৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ দিনটো “শ্বহীদ দিৱস” হিচাপে দিনজোৰা কাৰ্যসূচীৰে তেওঁৰ নিজ বাস ভৱনত পালন কৰা হয়৷ শ্বহীদ দিৱসৰ আৰম্ভনিতে ৰাতিপুৱা প্ৰয়াত বীৰ শ্বহীদ প্ৰণয় কলিতাৰ গৃহৰ চৌহদত নিৰ্মাণ কৰা প্ৰতিমূৰ্তিত চাকি আৰু ধুপ জ্বলাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মৃদুল তালুকদাৰে৷ ইয়াৰ পিছতে শ্বহীদগৰাকীৰ প্রতিছবিত মল্যাৰ্পন কৰে পিতৃ হৰিপ্ৰসাদ কলিতা আৰু পত্নী জুমি কলিতাই৷ বজালী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিমাদ্ৰি শেখৰ বৰদলৈয়ে প্ৰতিমূৰ্তিৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত সমবেত হোৱা লোকসকলে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে৷ স্মৃতিচাৰণ সভাত প্ৰথমতে পৰিয়ালৰ ফালৰ পৰা শ্বহীদ প্ৰণয় কলিতাৰ পত্নী জুমি কলিতা আৰু ভাতৃ পংকজ কলিতাই বজালী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিমাদ্ৰী শেখৰ বৰদলৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মৃদুল তালুকদাৰৰ লগতে বিশিষ্ট সকলক সম্বৰ্ধনা জ্ঞাপন কৰে৷ তাৰ পিছত প্ৰয়াত প্ৰণয় কলিতাৰ ডাঙৰ জী ৯ বছৰীয়া মেঘৰঞ্জনী কলিতাই দেউতাকৰ স্মৃতি ৰোমন্থন কৰাৰ পিছতেই বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে বিশিষ্ট পৰিবেশকৰ্মী তথা গ্ৰীণ মিছনৰ সঞ্চালক আনন্দ খাটনিয়াৰে। খাটনিয়াৰে শ্বহীদ প্ৰণয় কলিতাৰ নামত চৰকাৰীভাৱে উৎসৰ্গিত সমগ্ৰ পথটোক সেউজ কৰিড’ৰ হিচাপে পৰিচিত কৰাৰ উদ্দেশ্যে এক বৃক্ষৰোপনৰ পদক্ষেপ হাতত লয়৷ আৰু আজিৰ এই দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ দিনাই শ্বহীদ প্ৰণয় কলিতাৰ পত্নী জুমি কলিতাৰ হাতত এটি বকুল গছৰ পুলি অৰ্পণ কৰি ইয়াৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিছতে শিঙিমাৰি হাইস্কুলৰ প্ৰধান শিক্ষক ৰমাকান্ত কলিতাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানটোত প্ৰয়াত বীৰ শ্বহীদ প্ৰণয় কলিতাৰ লগত মৃত্যুৰ আগ মুহূৰ্তলৈকে একেলগে কৰ্মৰত বন্ধু তথা অসম ৰাইফলছৰ হাবিলদাৰ এম ৰহমান, অৱসৰপ্ৰাপ্ত প্ৰাক্তন সৈনিক গিৰিন কলিতা, চক্ৰপাণি কলিতা, মনজিৎ কলিতা, কেন্দুগুৰী ইউনাইটেড ক্লাবৰ সম্পাদক সমীৰণ তালুকদাৰ, বামাখাটা এক নং তৰুণ সংঘৰ সম্পাদক প্ৰদ্যুৎ তালুকদাৰ, যুৱ-ছাত্ৰ নেতা হীৰক তালুকদাৰ, কবি অলক আকাশৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷ দুপৰীয়া নাম প্ৰসংগৰে বছৰেকীয়া শ্ৰাদ্ধ অনুস্থিত কৰা হয়৷ সন্ধিয়া মাতৃ কল্যাণী কলিতা আৰু ভাতৃ জয়ন্ত কলিতাই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত আমন্ত্ৰিত বিশিষ্ট শিল্পীৰ দ্বাৰা নাগৰা নাম প্ৰসংগ পৰিবেশন কৰি দ্বিতীয় বাৰ্ষিক মৃত্যু বাৰ্ষিকীৰ শ্বহীদ দিৱস অনুষ্ঠান সামৰণি পৰে৷
প্ৰেৰক কল্যাণ কলিতা