নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালা শিক্ষাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক অধিৱেশন

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ “এটি সফল জীৱনৰ বাবে অকল কৃতকাৰ্য হ’লেই নহব৷ সেই কৃতকাৰ্যতাত থাকিব লাগিব মূল্যবোধ৷ সেয়েহে আমি কৃতকাৰ্যতাৰ কাৰণে যত্নপৰ হোৱাতকৈ মূল্যবোধৰ কাৰণেহে যত্নপৰ হ’ব লাগে৷ ভাল বেয়া বিচাৰ কৰিব পৰা হ’ব লাগে৷ এজন মানুহে ভাল বেয়া সকলোতে কৃতকাৰ্যতা লাভ কৰিব পাৰে কিন্তু মূল্যবোধ শিক্ষা লাভ কৰাটোহে মূল লক্ষ্য হোৱা উচিৎ৷” এই মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ৷ আজি পাঠশালা শিক্ষাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ একাদশ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ মুখ্য অতিথি হিচাপে অংশ লৈ গোস্বামীয়ে প্ৰত্যেকজন শিক্ষকক কৃষ্ণ আৰু প্ৰত্যেকজন ছাত্ৰক অৰ্জুন হ’বলৈ কয়৷ তেওঁ কয় যে শিক্ষকৰ পৰা সমাজে আদৰ্শ লয়৷ শিক্ষক মানে জ্ঞানৰ মালিক, জ্ঞানৰ লগত বিবেক আৰু বিচাৰ জড়িত হৈ থাকে৷ ছাত্ৰই গুৰুক আৱৰি ৰাখে৷ শিক্ষানুষ্ঠান হৈছে বন্ধাকবি বা ঔটেঙাৰ লেখীয়া ঐক্যৰ প্ৰতীক বুলি এক গুৰু গম্ভীৰ বক্তব্য প্ৰদান কৰি শিক্ষাবিদগৰাকীয়ে যুৱ প্ৰজন্ম, যুৱ উচ্ছৃংখলতা, শিক্ষা, শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য, ছাত্ৰ আৰু শিক্ষক, জ্ঞান, কৃতকাৰ্যতা, মূল্যবোধ, শিক্ষানুষ্ঠান আদিৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ বাবে মনোগ্ৰাহী ভাষণ ৰাখে৷ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি মনোমোহন শৰ্মাৰ সভাপতিত্বত অধ্যক্ষ উৎপল বৰকাকতিয়ে প্ৰতিবেদন পাঠ কৰা অনুষ্ঠানটোত গোস্বামীক গামোচা, গ্ৰন্থ, কলম, নিম পুলি আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়৷ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য তথা শিক্ষক নন্দ দুলাল চৌধুৰীৰ উপস্থিতিত শিক্ষক মুকুতা ডেকা, খঞ্জন তালুকদাৰ, হিমাংশু খাটনিয়াৰ, ৰাতুল দাস, প্ৰবীৰ কুমাৰ দেৱ শৰ্মা, ভাৱনা গোস্বামী আৰু প্ৰথম বৰ্ষৰ ছাত্ৰী ৰিমজিম কলিতাই ভাষণ প্ৰদান কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰা হয়৷ অনুষ্ঠানত গীত পৰিৱেশন কৰে প্ৰথম বৰ্ষৰ ছাত্ৰী বিজিতা গোস্বামীয়ে৷ সমবেত সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষক গণেশ কলিতাই৷ আবেলি সাংস্কৃতিক অনুষ্ঠানেৰে একাদশ বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like