নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ গেৰুকাবাৰীৰ ৰাষ্ট্ৰীয় পথত ভয়াৱহ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ গেৰুকাবাৰী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে খুন্দিয়ালে ট্ৰেফিক পুলিচ পইণ্ট ঘৰ। গেৰুকাবাৰী ৰাষ্ট্ৰীয় ঘাইপথত থকা পুলিচ পইণ্টত তীব্ৰবেগেৰে খুন্দিয়াই পুলিচ পইণ্ট চূৰমাৰ কৰে। উক্ত পুলিচ পইণ্টত থকা এগৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ হৈছে AS01PC9596। আহত যান-বাহন আৰক্ষীজনৰ নাম শংকৰ সৰকাৰ (৫২)। সম্প্ৰতি বঙাইগাঁৱৰ লৱাৰ আছাম হাস্পতালত চিকিৎসাধীন।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like