নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত নগদ ধনসহ গ্ৰেপ্তাৰ ৭

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : মৰিগাঁৱৰ লাহৰীঘাটত আৰক্ষীৰ জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আজি পুৱা গোপন সুত্ৰৰ পম খেদি লাহৰীঘাট আৰক্ষী আৰু বৰছলা আৰক্ষীৰ যৌথ অভিযান চলাই ৭ জনক গ্ৰেপ্তাৰ, বুজন পৰিমাণৰ ড্ৰাগছ, নগদ ৩৫,২০০ টকা আৰু জুৱা খেলত ব্যৱহত সামগ্রী জব্দ কৰে। ধৃতকেইটা হল ইনামূল হক, মহিবুৰ হক, আলিম উদ্দিন, ইক্ৰামুল হুছেইন, বাবুল হুছেইন, ইমামূল হুছেইন, আৰু আমানউল্লাহ।আৰক্ষীয়ে বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত পটুৱাকাটাত অভিযান চলাই ৭টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু তাচপাত আৰু খেলত ব্যৱহত সামগ্ৰী জব্দ কৰে। ধৃত আটাইকেইটাকে লাহৰীঘাট থানাত সোধাপোচা অব্যাহত ৰাখিছে।

প্ৰেৰক আবুল কালাম

You might also like