নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত আটক আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টিকাৰী গভাইত চোৰ অংকুৰ

বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : দীৰ্ঘদিন ধৰি উজনি অসমৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য অব্যাহত ৰাখি আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা এটা গভাইত চোৰক আজি সোণাৰি আৰক্ষীয়ে শিৱসাগৰৰ পৰা আটক কৰে। শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ শেনচোৱা গাঁৱৰ নিবাসী চোৰটোৰ নাম অংকুৰ দাস। ইতিমধ্যে বহুকেইটা চুৰি কাৰ্যৰ লগত জড়িত ধৃত চোৰটোক কেইবাবাৰো আটক কৰিছিল আৰক্ষীয়ে। তথ্য অনুসৰি যোৰহাট থানাত ৬৫৩/২২, ৬৫৫/২২, গৌৰীসাগৰ থানাত ১০৬/১৯ নম্বৰত গোচৰ ৰুজু হোৱাৰ বিপৰীতে সোণাৰি থানাত ৭৩/২৩ নম্বৰত গোচৰ ৰুজু হৈছে চোৰটোৰ বিৰুদ্ধে। আৰক্ষীয়ে সোণাৰিৰ নিকটৱৰ্তী টীয়কৰ পৰা অজিত চৌধুৰী নামৰ আন এটা চাইকেল চোৰকো আটক সক্ষম হৈছে।

প্ৰেৰক দীপাংকৰ পাল

You might also like