মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাই নকল কৰি বহিস্কৃত ধুবুৰী জিলাৰ ৭ গৰাকী পৰীক্ষাৰ্থী
নিয়মীয়া বাৰ্তা,৩ মাৰ্চ: আজি মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাই অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত বহিস্কৃত হ’বলগীয়া হয় ধুবুৰী জিলাৰ ৭ গৰাকীকৈ পৰীক্ষাৰ্থী। উল্লেখ্য যে, আজি পুৱা ধুবুৰী চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰৱেশদ্বাৰত পূৰ্বে মহিলা আৰক্ষীৰ তালাচীত এগৰাকী ছাত্ৰীৰ পৰা ওলায় জাপে জাপে ন’কল ওলোৱা দেখা যায়। জানিব পৰা মতে, এইবেলি ধুবুৰী জিলাৰ মুঠ ৩১টা পৰীক্ষা কেন্দ্ৰত সৰ্বমুঠ ২১,৬৪৪ গৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ ২১,১৬৩ গৰাকী পৰীক্ষাৰ্থীয়ে আজিৰ প্ৰথম দিনৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াতে উল্লেখনীয় এয়াও যে, ধুবুৰীকে ধৰি জিলাখনৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰত শিক্ষা বিভাগৰ নীতি-নিৰ্দেশনা উলংঘা কৰি আজি প্ৰথম দিনৰ পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাগুৰুও পৰীক্ষা হ’লত নিৰীক্ষকৰ (examination duty) দায়িত্ব পালন কৰা বুলিও স্থানীয় একাংশ মহলত বুবা আৰম্ভ হোৱা পোৱা গৈছে। এনে প্ৰেক্ষাপটত বিষয়টোৰ সত্যতা নিৰূপণ কৰাৰ বাবে ছেবা কৰ্তৃপক্ষই পদক্ষেপ লোৱাটো কামনা কৰিছে বহু সচেতন অভিভাবকে।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী,