নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি বালক মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পখিলা কাকতিক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা,৩ মাৰ্চ:   শিক্ষক সকল পণ্ডিত বুলি পূৰ্বৰ লোক সকলে সম্বোধন কৰিছিল ৷ কিয়নো সমাজখন ধৰি ৰখা প্ৰথম ব্যক্তি সকল আছিল শিক্ষাগুৰু সকল ৷ সমাজত তেওঁলোকে কিবা এটা কলে সকলোৱে ভাল কোৱা বুলি মানিছিল ৷ মানা মানি থকাৰ বাবেই সমাজবোৰত ঘুণা ধৰা নাছিল ৷ কিন্ত আজি তাৰ ব্যতিক্ৰম ঘটিছে আৰু সমাজ বিভ্ৰান্ত হৈছে ৷ এই মন্তব্য অৱসৰী প্ৰধান শিক্ষক আনন্দ কলিতাৰ ৷ আজি শুৱালকুছি বালক মজলীয়া বিদ্যালয়ৰ সদ্য অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পখিলা কলিতাৰ বিদায় সম্বৰ্ধনা অনুস্হানত মুখ্য অতিথি হিচাৱে উপস্থিত থাকি পুনৰ কয় যে এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰী হব বিচাৰিলে তেওঁ সকলো সদ গুনৰ অধিকাৰী হোৱাৰ আৱশ্যক ৷ অন্যথা প্ৰকৃত মানৱ সম্পদ গঢ় দিয়াত কিছু হলেও ব্যাঘাত জন্মে ৷ ভাষণত তেওঁ পখিলা বৈশ্যৰ কৰ্মৰাজিক স্মৰণ কৰি বৈশ্য এগৰাকী কৰ্তব্য পৰায়ণ শিক্ষয়িত্ৰী আছিল বুলি দোহাৰে ৷ পশ্চিম শুৱালকুছি গাওঁ পঞ্চায়তৰ সভাপতি কবিন দাসৰ সভাপতিত্বত অনুস্হিত বিদায় সভাত শিঙিমাৰি প্ৰাঃবিঃ প্ৰধান শিক্ষক পিতৰাম দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অৱসৰ পিছত শিক্ষক শিক্ষয়িত্ৰী সকলক সমাজৰ কামত আত্ম নিয়োগ কৰিবলৈ আহ্বান জনায় কয় যে তেতিয়াহে মানুহৰ মন মগজু আৰু স্বাস্থ্য উন্নত হৈ থাকে ৷ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী পখিলা বৈশ্য বিদ্যালয়ত চৰকাৰে দিয়া সকলো নীতি নিয়ম নিষ্ঠা আৰু সততাৰে পালন কৰিছিল ৷ সময়ৰ প্ৰতিয়ো তেওঁ সদা সচেতন আছিল ৷ সভাত বিদায়ী প্ৰধান শিক্ষয়িত্ৰী পখিলা বৈশ্য ই তেওঁৰ ৩০ বছৰীয়া কাৰ্যকালৰ এক অৱলোকন দাঙি ধৰি শিক্ষক শিক্ষয়িত্ৰী সকল কেনে হোৱা উচিত তাক উল্লেখ কৰে ৷ নিয়মানুবৰ্তিতাই মানুক সদ পথৰ সন্ধান দিয়ে বুলি উল্লেখ কৰি ছাত্ৰ ছাত্ৰী সকলক শিক্ষা প্ৰদানত ক্ৰটি নকৰিবলৈ আহ্বান জনায় ৷ বিদায়ী শিক্ষয়িত্ৰী গৰাকীক গামোচা, শৰাই, মাপত্ৰ, ছাতি, জাপি, ধৰ্মপুথি, বস্ৰ আদিৰে সম্বৰ্ধনা জনায় ৷ শুৱালকুছি কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰাও মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায় ৷ সভাত গণেশ দাস হাইস্কুলৰ প্ৰধান শিক্ষক শ্যামসুন্দৰ গোস্বামী, চি আৰ চি কমল কৃষ্ণ নাথ, অৱসৰী শিক্ষয়িত্ৰী শিক্ষয়িত্ৰী কনকলতা দাস, কল্পনা ভৰালী, প্ৰধান শিক্ষয়িত্ৰী গীতা কলিতা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সভাৰ পূৰ্বে এটি নাম পৰিবেশন কৰা হয় ৷ সভাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে কেইবাটিও সংগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷

 দিলীপ মেধি, শুৱালকুছি ৷

You might also like