৯ নৱেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰত ৰূপালী জয়ন্তীৰ আৰম্ভণী অনুষ্ঠান
বিশেষ বাৰ্তা, ৭ নৱেম্বৰঃ ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি কে. আৰ. নাৰায়ণে ১৯৯৮ চনৰ ৯ নৱেম্বৰত জাতিৰ বাবে উছৰ্গা কৰা উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক প্রাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ৯ নৱেম্বৰত প্ৰতিষ্ঠাৰ বৰ্ণিল ২৪টা বৰ্ষ অতিক্ৰমি ২৫সংখ্যক বৰ্ষত পদাৰ্পণ কৰিব। সমাগত বৰ্ষটো ‘ৰূপালী জয়ন্তী বৰ্ষৰূপে উদযাপনৰ বাবে মনস্থ কৰা হৈছে। প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৯ নৱেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৰূপালী জয়ন্তী বৰ্ষ উদ্বোধনী অনুষ্ঠানৰ সবিশেষ কাৰ্যসূচী ক্ৰমে পুৱা সৰ্বপদ মংগল কামনাৰে কলাক্ষেত্ৰৰ কীৰ্ত্তন ঘৰত নাম-প্রসংগৰ আয়োজন কৰা হৈছে। এই নাম প্রসংগত অসমৰ প্রায় ১০টা দলে অংশগ্ৰহণ কৰিব। তাৰ পিছত ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ২৫খন চানেকিযুক্ত পতাকা উত্তোলন কৰা হ’ব। মুখ্য উত্তোলক সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। লগতে শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বৰ্তমান আৰু প্রাক্তন উপ-সভাপতি, সচিব আৰু সাধাৰণ পৰিষদৰ সদস্যসকলে উক্ত উত্তোলন কাৰ্যসূচীত অংশগ্রহণ কৰিব। তাৰ পিছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা ছয়মাইললৈ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। এই শোভাযাত্ৰাত ২৫ জোৰা মৃদংগীয়া গায়ন-বায়ন, ২৫খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অসমৰ প্রায় ২৫টা নৃগোষ্ঠীয় শিল্পী দল আৰু আয়তীসকলে অংশগ্ৰহণ কৰিব। তাৰ পিছত ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ’ব। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সভাপতি ডৎ হিমন্ত বিশ্ব শৰ্মা। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু মন্ত্ৰী অতুল বৰা। সভাত ক্ৰমে একাডেমী ৰত্ন নৃত্যাচাৰ্য্য যতীন গোস্বামী, বিশিষ্ট লেখক, সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তী আৰু বিশিষ্ট জ্যেষ্ঠ চিত্র শিল্পী ননী বৰপূজাৰীয়ে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা বিৰচিত আৰু সুৰাৰোপিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শীৰ্ষ গীতৰ আধাৰত এক নৃত্য-নাট সংৰচনা মঞ্চত পৰিৱেশিত হ’ব। বিয়লি ‘অতীতদৰ্শী’ শীৰ্ষক বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীৰ চিত্ৰ কৰ্মৰ একক প্ৰদৰ্শনী আৰু ‘অতীত বীক্ষণ’ শীৰ্ষক আলোকচিত্ৰ প্রৰ্শনী মুকলি কৰা হ’ব। উদ্বোধন কৰিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। বিয়লি মাজুলীৰ শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ আধাৰত পৰম্পৰাগত আকাশবন্তি প্ৰজ্বলন কৰা হ’ব। উপস্থিত থাকিব শ্ৰীশ্ৰীবৰদোৱা নৰোৱা সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা ৷ অসমৰ বিভিন্ন জিলাৰ পৰা সমৱেত হবলগা মৃদঙ্গীয়া গীয়ন-বায়নৰ শিল্পীসকলে ৰংঘৰ বাকৰি মঞ্চত বিয়লি অনুষ্ঠান পৰিৱেশন কৰিব। ইয়াৰ উপৰি আকাশবন্তি কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সন্ধিয়া বৰপেটাৰ পৰম্পৰাগত আতচবাজী প্রদৰ্শনৰো ব্যৱস্থা কৰা হৈছে।