নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰ আৰক্ষীৰ জালত ড্রাগ্ছ সৰবৰাহকাৰী চক্র

স্কুটীত ব্রাউন ছুগাৰ সৰবৰাহ কৰা দম্পতীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ গুৱাহাটী মহানগৰীৰ এটা বৃহৎ ড্রাগ্ছ ব্যৱসায়ী চক্রৰ লগ লাগি দৰং আৰু ওদালগুৰিৰ বিভিন্ন স্থানত মাৰাত্মক ড্রাগ্ছ–ব্রাউন ছুগাৰৰ অবাধ ব্যৱসায় গঢ়ি তোলা এটা দম্পতীক ছিপাঝাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ জালত পৰিছে এটা বৃহৎ ড্রাগ্ছ সৰবৰহকাৰী গেং৷ আনকি মণিপুৰৰো দুটা সৰবৰাহকাৰী আছে এই বৃহৎ গেংটোত৷ বিৱৰণী মতে, দৰং আৰক্ষীয়ে বিশেষ সূত্রে পোৱা খবৰৰ ভিত্তিত কালি দুই ড্রাগ্ছ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ এটা আৰক্ষীৰ দলে জিলাখনৰ প্রৱেশ পথ দুমুনীচকীত চলাইছিল তালাচী৷ উক্ত অভিযানত এ এছ ২৫/আৰ ১৩৮৬ নম্বৰৰ এখন স্কুটীত মাৰাত্মক ব্রাউন ছুগাৰ কঢ়িয়াই অনা এটা দম্পতীক আটক কৰিবলৈ সক্ষম হয়৷ ওদালগুৰি জিলাৰ লাওদং গাঁৱৰ দীন ইছলাম (২৭) আৰু পত্নী চানিয়াৰা বেগম (২৪)৷ দম্পতীয়ে স্কুটীৰ বাকচৰ ভিতৰত চাবোনৰ কেছ এটাত ব্রাউন ছুগাৰখিনি কঢ়িয়াই আনিছিল৷ ব্রাউন ছুগাৰখিনিৰ ওজন প্রায় ১২ গ্রাম হ’ব বুলি আৰক্ষী সূত্রত প্রকাশ৷ আৰক্ষীৰ জেৰাত ব্রাউন ছুগাৰখিনি বিক্রীৰ বাবেই গুৱাহাটীৰ পৰা লৈ অনা বুলি স্বীকাৰ কৰে৷ এটা বৃহৎ চক্রৰ লগত যোগাযোগ থকা বুলিও স্বীকাৰ কৰে৷ এই দম্পতীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত দৰং আৰক্ষীয়ে গুৱাহাটীত বিভিন্ন স্থানত তালাচী চলাই হাজো বর্ণিৰ চাহজাহান আলী (২৫), চান্দমাৰী অমিয় নগৰৰ আজমল ৰহমান (২৩), মণিপুৰৰ মহম্মদ আমিৰ (৪৩) আৰু ইনাউবাক (৩৪) গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই চক্রটোৱে দৰং আৰু ওদালগুৰিৰ বিভিন্ন অঞ্চলত মাৰাত্মক ড্রাগ্ছ ব্যৱসায়ৰ এটা বৃহৎ নেটৱর্ক গঢ়ি তুলিছিল বুলিও আৰক্ষীৰ সূত্রে প্রকাশ৷

You might also like