নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত ন ন অঞ্চললৈ সম্প্ৰসাৰণ বাঢ়নী পানী:বিধায়কে বুজ ললে পৰিস্থিতি

নিয়মীয়া বাৰ্তা ৩০জুনঃছিপাঝাৰ বিধান সভা সমষ্টিত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈয়েই আছে আজিও।পশ্চিম প্ৰান্তত দিমীলা নৈয়ে বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰি তোলাৰ বিপৰীতে সমষ্টিৰ দক্ষিণ আৰু পূব অঞ্চল শাকতোলাৰ পানীয়ে জলমগ্ন কৰি তুলিছে ন ন অঞ্চল।উল্লেখযোগ্য যে শাকতোলাৰ জলধাৰাই বিগত দুটা দিনত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ ফালে জলমগ্ন কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰো অংশ বিশেষ বুৰাই পেলাই ছিল।অৱশ্যে যোৱা নিশাৰে পৰা উক্ত অঞ্চলত পানীৰ পৰিমাণে সামান্য কমিছে যদিও এই জলধাৰাই আজি পুৱাৰে পৰা দক্ষিণ দিশৰ বিভিন্ন গাঁও জলমগ্ন কৰি তুলিছে।হঠাতে এনেদৰে পানীয়ে গতি লোৱাত হাজৰিকাপাৰা আৰু দেৱানন্দ গাঁও পঞ্চায়ত এলেকাত ৰাইজৰ মাজত হাহাকাৰ সদৃশ পৰিবেশৰ সৃষ্টি হয়।শালিধানৰ কঠীয়া পৰ্যন্ত পানীত ডুব যোৱাৰ লগতে মীন পালক সকল অত্যাধিক ক্ষতিৰ সন্মুখীন হয়।ইফালে পানী বঢ়াতো কমিছে যদিও আজিও ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ পকাবাঙি,আঠীয়াবাৰী,ঘোপাকে ধৰি বিভিন্ন গাও জলমগ্ন হৈ আছে।বহু পৰিয়ালৰ ঘৰ দুৱাৰ পৰ্যন্ত আজিও আছে পানীৰ তলত।
আজি ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়াই বানপীড়িত অঞ্চল ভ্ৰমণ কৰে।ছিপাঝাৰৰ চক্ৰ বিষয়াক লগত লৈ দুৰ্যোগ প্ৰশমন বিভাগৰ নাওৰ সহায়ত বানৰ ক্ষয়-ক্ষতিৰ বুজ লৈ প্ৰশাসনক সাহাৰ্য দিয়াৰ বাবে নিৰ্দেশ দিয়ে।তদুপৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন এটি বৃহৎ নলা বন্ধ হৈ পানী ওফন্দি থকাটো ৰাইজে দৃষ্টি গোচৰ কৰাত বিধায়কগৰাকীয়ে জে চিবিৰে নলাটো মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে।বানক্ষতিগ্ৰস্ত লোকসকলে যাতে উপযুক্ত ক্ষতিপুৰণ লাভ কৰে তাৰ বাবে সঠিক জৰীপৰ ক্ষেত্ৰতো বিধায়কগৰাকীয়ে চক্ৰ বিষয়া নন্দন নিলোৎপল ভাগৱতীৰে আলোচনাত মিলিত হয়।

You might also like