নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰাং কাঠভৰ্তি বাহন জব্দ, ঢকুৱাখনাত আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : ঢকুৱাখনাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। বন বিভাগৰ বৰমূ্ৰীয়াৰ দ্বায়িত্বজ্ঞানহীনতাত ঢকুৱাখনা উপ-খণ্ড বন কাৰ্যলয়ৰ অধীনস্থ ব্ৰহ্মপুত্ৰৰ চিচি-টেকেলিফুটা পথ-মথাউৰিৰে নিতৌ চোৰাং কাঠৰ সৰবৰাহ হোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে সচেতন মহলকো। ইয়াৰ মাজতে এক গোপন সূত্ৰৰ পমখেদি ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্রত গগৈয়ে চোৰাং কাঠৰ বিৰুদ্ধে চলায় অভিযান। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত আমলখীত চলোৱা এই অভিযানত চোৰাং কাঠ ভৰ্তি এখন মহিন্দ্ৰা ব’লেৰো পিকআপ ভেন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা মহিন্দ্ৰা ব’লেৰো পিকআপ ভেনখনৰ নম্বৰ হৈছে এ এছ ২২ এ চি -০১২১।জব্দ কৰা কাঠখিনিৰ মূল্য লক্ষাধিক টকাৰ হ’ব বুলি জানিব পৰা গৈছে। ঢকুৱাখনা-মাজুলীৰ এটা চোৰাং ব্যৱসায়ী চক্ৰই নিতৌ চোৰাং কাঠসমূহ জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ পৰা চিচি-টেকেলিফুটা পথ-মথাউৰিৰে ঢকুৱাখনালৈ সৰবৰাহ কৰা বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like