মৰিগাঁৱৰ শিলপুখুৰীত ম্যাদী মাটি দখল কৰি ঘৰ সাজিছে সন্দেহযুক্ত নাগৰিকে
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ বটদ্রৱা সমষ্টিৰ মাজজাজৰি নিৱাসী মতিন আলী নামৰ এজন লোকে তেওঁৰ পৰিয়ালৰ মৰিগাঁও জিলাৰ অন্তর্গত শিলপুখুৰী মৌজাৰ মোলান কামোৰা আৰু পাঘালি কিচামতৰ ৩০ বিঘা মাটি সন্দেহযুক্ত লোকে বেদখল কৰা আৰু ৰাজহ চক্র বিভাগে চক্রান্তৰে চৰকাৰীকৰণ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে৷
অভিযোগ অনুসৰি, শ শ বছৰ ধৰি তেওঁলোকৰ আজোককাৰ দিনৰ পৰা ম্যাদী পট্টা থকা আৰু খাজনা আদায় দি থকাৰ পিছতো সেই ভূমিত একাংশ অচিনাক্ত লোকে বেদখল কৰি ঘৰ নির্মাণ কৰিছে৷ ৩০ বিঘা মাটিৰ আন এটা অংশত ৰাজহ বিভাগে ২০১৪ চনৰ পৰা ৰিজার্ভ আৰু গডাবাট কৰাৰ উপৰি ৭৩৭ দাগৰ মাটিত মছজিদ, বিদ্যালয় আৰু চৰকাৰী কার্যালয় নির্মাণৰ অভিযোগ তুলিছে মতিন আলীয়ে৷ ককাক কাফনুৰ আৰু পিতৃ চাফনুৰৰ নামত থকা ৩০ বিঘা মাটি হেৰুৱাই দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালটোৱে দিক্বিদিক হেৰুৱাই পেলাইছে৷ এনেদৰে ৰাজহ চক্র বিভাগৰ গাফিলতিত নিজৰ ভূমি হেৰুৱাই পৰিয়ালটোৱে ২০১৮ চনত মৰিগাঁও জিলা উপায়ুক্ত আৰু মিকিৰভেটা ৰাজহ চক্র বিষয়াক লিখিত আবেদন কৰিছিল যদিও বর্তমানলৈকে কোনো সদুত্তৰ নোপোৱাৰ পৰিৱর্তে তেওঁলোকৰ ভূমিত নতুনকৈ অচিনাকি লোকে আহি ঘৰ সাজি আছে৷
মৰিগাঁও জিলাৰ মিকিৰভেটা ৰাজহ চক্রৰ অন্তর্গত ভূমি বেদখল সন্দর্ভত মতিন আলী, তেওঁৰ মাতৃ নচিয়ন নেচা, ভাতৃ সৰুধন মেধিয়ে সমগ্র ঘটনাৰ তদন্তৰ দাবী তুলিছে৷