নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিৰ ভিন্ন প্ৰান্তত আলি আঃয়ে লৃ‌গাং উদযাপন

নিয়মীয়া বাৰ্তা  ১৭ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোণাৰি চাপৰি অঞ্চলত সিচৰিত হৈ থকা মিচিং জনগোষ্ঠীয় লোক সকলেও পুৰ্বৰ পৰম্পৰাৰে ক্‌ষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃ‌গাং উদযাপন কৰে ৷ আলি আঃয়ে লৃগাং উপলক্ষে আজি পুৱাৰে পৰাই মিচিং গাওঁ সমুহত সৃষ্টি হয় উখলমাখল পৰিবেশ ৷ আনহাতে মাহনি বাৰীী গাওঁবাসীয়ে সমুহীয়া ভাবে আলি আঃয়ে লৃগাং উদযাপন কৰি পুৱাই গাওঁখনৰ নামঘৰৰ পৰা সাতুলাক গুমৰাগ ন্‌ত্যৰে আদৰি আনি ধৰ্মীয় পৰম্পৰাৰে মুৰং ঘৰত তুলি পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰাম মিলিয়ে ৷  খগেশ্ব্ববৰ গামে বৃক্ষ ৰোপণ কৰাৰ পিছতে গাম ৰমেশ পেগুক মুন তোৰণৰ পৰা  গোমৰাগ নৃত্য মাজেৰে খেতি পথাৰলৈ আদৰি আনি ৰীতিনীতিৰে কঠিয়া সিচা পৰ্ব সমাপন কৰি পৰম্পৰাগত খাদ্য পৰিবেশন কৰি ৰং ধেমালিৰে  লৃগাং উদযাপন কৰে ৷

You might also like