নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত প্ৰথমবাৰৰ বাবে কোনো মহিলাক দিয়া হ’ব ফাঁচিঃ চলি আছে প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ স্বৰাজোত্তৰ ভাৰতত প্ৰথমবাৰৰ বাবে কোনো মহিলাক দিয়া হব ফাঁচি। এনে দুৰ্ভাগ্যৰ অধিকাৰী হবলৈ গৈ থকা অপৰাধী মহিলাগৰাকী হৈছে উত্তৰ প্ৰদেশৰ মথুৰাৰ আমৰোহাৰ সবনম। মথুৰাৰ জেলতে ফাঁচি দিবলগীয়া সবনমৰ ফাঁচিৰ দিন ঠিক হোৱা নাই যদিও প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

আমৰোহাত বাস কৰা সবনমে ২০০৮ চনৰ ১৫ এপ্ৰিলত ছালিম নামৰ প্ৰেমিকৰ সৈতে লগ লাগি পৰিয়ালৰ ৭ জন লোকক নৃশংসভাৱে হত্যা কৰিছিল। এই গোচৰত উচ্চতম ন্যায়ালয়ে সবনমক ফাঁচিৰ ৰায়দান দিছিল। এইক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আবেদন কৰা হৈছিল যদিও ৰাষ্ট্ৰপতিয়ে নাকচ কৰিছিল সবনমৰ আবেদন।

সম্প্ৰতি সবনমক ফাঁচি দিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে । নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচি দিয়া পৱন জল্লাদে শেহতীয়াকৈ ফাঁচিঘৰ নিৰীক্ষণ কৰে। মথুৰা জেলৰ অধীক্ষকৰ মতে ডেথ ৱাৰেণ্ট জাৰি কৰাৰ পিছতে সবনমক ফাঁচি দিয়া হ’ব।

উল্লেখ্য মথুৰা জে’লত ১৫০ বছৰ পূৰ্বে ১৮৭০ চনত মহিলাৰ বাবে এটা ফাঁচিঘৰ নিৰ্মাণ কৰা হৈছিল যদিও ভাৰত স্বাধীন হোৱাৰ পিছত আজিলৈ কোনো মহিলাকে ফাঁচিকাঠত তোলা হোৱা নাছিল।

উল্লেখনীয় যে বৰ্তমান বেৰেলি জেলত বন্দী হৈ আছে সবনম আৰু তেওঁৰ প্ৰেমিক আগ্ৰা জেলৰ কয়দী ছালিমকো ফাঁচিৰ ৰায়দান কৰা হৈছে।

You might also like