দুই সন্তানক এৰি আলফা(স্বা) ত যোগদান কৰিবলৈ যোৱা মহিলাক আটক সোণাৰি আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ স্বামী , দুটা কৈ সন্তানক এৰি গৃহত্যাগ কৰি আলফাত ( স্বাধীন ) যোগদান কৰিবলৈ যোৱা এগৰাকী মহিলাক কালি চৰাইদেউত সোণাৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত চৰাইদেউৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জনোৱা মতে নগাঁও চহৰৰ হয়বৰগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত শৰাইঘাট চলচলিৰ কাৱৈমাৰি গাওঁৰ জেহিৰুল ইছলাম চৌধুৰীৰ পত্নী তথা দুই সন্তানৰ মাতৃ মালবিকা বৰা চৌধুৰী (৩৫) য়ে চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্ত নামতোলা হৈ নগালেণ্ডত থকা শিবিৰত আলফা(স্বাধীন) ত যোগদান কৰিবলৈ যোৱা বুলি নগাঁও আৰক্ষীয়ে কালি পুৱা চৰাইদেউ আৰক্ষীক অৱগত কৰে । সেই মৰ্মে দিনৰ প্ৰায় এঘাৰ বজাত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীয়ে বিশেষ অভিযান চলাই সীমান্তৱৰ্তী নামতোলা অঞ্চলৰ পৰা মহিলা গৰাকীক আটক কৰে । মহিলা গৰাকীক সম্প্ৰতি সোণাৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।
প্ৰেৰক :- দীপাংকৰ পাল