নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছপি সুশান্ত বিশ্ব শর্মাসহ দৰঙৰ চাৰি ব্যক্তিলৈ শূন্য সহনশীল বঁটা

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শর্মাসহ ৪গৰাকী ব্যক্তিলৈ দুর্নীতিবিৰোধী যুৱ শক্তি অসমৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে শূন্য সহনশীল বঁটা৷ শুকুৰবাৰে সংগঠনটোৱে প্রকাশ কৰা অনুসৰি, দৰঙত যোগদান কৰিয়েই ড্রাগছসহ নিচাজাতীয় দ্রব্যৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শর্মাই গ্রহণ কৰা ভূমিকাৰ বাবেই তেওঁক এই বঁটা আগবঢ়োৱা হৈছে৷ অহা ৯ ডিচেম্বৰত গুৱাহাটী জিলা পুথিভঁৰালত এই সন্মান প্রদান কৰা হ’ব৷

লক্ষণীয় যে একেটা অনুষ্ঠানে দৰং জিলা বিজেপিৰ যুৱ নেতা বসন্তদেৱ গোস্বামী, ছিপাঝাৰৰ দুই সাংবাদিক ক্রমে নৱ কুমাৰ শইকীয়া আৰু ঋষিপদ চহৰীয়ালৈও শূন্য সহনশীল বঁটা আগবঢ়োৱা হৈছে৷ ১৯৯৫ চনতে সক্রিয় ৰাজনীতিত যোগদান কৰা বসন্তদেৱ গোস্বামীয়ে ২০১৫ চনত বিজেপিত যোগদান কৰে আৰু অত্যন্ত সক্রিয়তাৰে সমাজসেৱামূলক কাম কৰি আহিছে৷ প্রতীক্ষা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ প্রতিষ্ঠাপক সভাপতি গোস্বামীয়ে বিভিন্ন সময়ত দুর্নীতিৰ বিৰুদ্ধে মাত মাতি অহাৰ লগতে সমাজৰ নিছলা, শ্রমিক গোষ্ঠীৰ বিপদত সহায়–সহযোগ কৰি আহিছে৷ গোস্বামীৰ বিগত ২৭ বছৰীয়া সমাজসেৱামূলক তথা ৰাজনীতিত যি বলিষ্ঠ ভূমিকা তাৰ বাবেই এই বঁটা আগবঢ়োৱা হৈছে৷

You might also like