নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত অন্তৰীক্ষ মহা-যাত্ৰা কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ উদ্যোগত তথা বিজ্ঞান ভাৰতী, উত্তৰ-পূব মহাকাশ আন্দোলন (NESM), আৰু নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজি এপ্লিকেচন – ৰিচ (NECTAR)ৰ সহযোগত যৌথভাৱে আয়োজন কৰা স্পেচ অন হুইল কাৰ্যসূচীৰ অংশ হিচাপে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ (ASCPCR) আৰু উত্তৰ-পূব মহাকাশ আবেদন কেন্দ্ৰ (NESAC)ৰ সৈতে আজি এক বিশেষ সজাগতা আৰু প্ৰেৰণাদায়ক অনুষ্ঠানৰ আয়োজন কৰা হয় পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিত৷ যুৱ প্ৰজন্মৰ মাজত বিজ্ঞান মানসিকতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ইছৰোৰ দ্বাৰা প্ৰেৰিত এই অন্তৰীক্ষ যানখন এমাহ জুৰি অসমৰ বিভিন্ন শিক্ষানুস্থানত হৈ থকা কাৰ্যক্ৰমৰ অংশ হিচাবে আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজত প্ৰদৰ্শনৰ দিহা কৰা হয়৷ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক হৃদয় কলিতাৰ তত্বাবধানত অনুষ্ঠিত এই অন্তৰীক্ষ মহা-যাত্ৰা কাৰ্যসূচী ফিটা কাটি উদ্বোধন কৰে আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজৰ উপাধ্যক্ষ হিমাংশু বৰুৱাই৷ পৰীক্ষা নিয়ন্ত্ৰক জয়ন্ত দাসে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত মুখ্য শৈক্ষিক উপদেষ্টা অমূল্য কলিতা, মূখ্য সচিব উৎপল মেধি, ছিনিয়ৰ ছেকেণ্ডাৰী শাখাৰ উপাধ্যক্ষ মিণ্টু কলিতা সমন্বিতে বিষয়ববীয়াসকলে নৱ প্ৰজন্মক বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিসৰ বুজিবলৈ আৰু ইয়াৰ ওপৰত কেৰিয়াৰ গঢ়ি তুলিবলৈ প্ৰেৰণা আৰু প্ৰভাৱিত কৰাৰ ক্ষেত্ৰত এনেকুৱা পদক্ষেপৰ শলাগ লৈ ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান মানসিকতাৰে উদ্বুদ্ধ হবলৈ আহ্বান জনায়৷ ইয়াৰ পূৰ্বে যোৱা ২৫ আৰু ২৬ ছেপ্তেম্বৰত স্পেচ অন হুইল কাৰ্যসূচী সমাপন কৰা হয় পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত৷ এই অনুষ্ঠানৰ সতে সংগতি ৰাখি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনীৰ লগতে এখনি বিজ্ঞান বিষয়ক সভা আৰু বিজ্ঞানৰ কুইজ অনুস্থিত হয়৷ বিশ্ববিদ্যায়লৰ উপাচাৰ্য প্ৰফেচাৰ ধনপতি ডেকাই সঞ্চালনা কৰা সভাত বিজ্ঞান ভাৰতীৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আৰু সহঃ সম্পাদক ক্ৰমে শিৱ কুমাৰ শৰ্মা আৰু প্ৰবীন ৰাম দাস, বজালী জিলাৰ জিলা উন্নয়ন আয়ুক্ত ড৹ আশ্ৰাফুল আমিন, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ফনীন্দ্ৰ কুমাৰ বুজৰবৰুৱা আৰু মৌচুমী ব্ৰহ্ম, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱম, এন ই ইচ এমৰ উত্তৰপূৱ সচিব ৰাজীৱ চন্দ্ৰ শৰ্মা আৰু নেকটাৰৰ পি ত্ৰিপাঠীয়ে বক্তব্য আগবঢ়ায়। ইয়াৰ পিছতে অনুষ্ঠিত বিজ্ঞানৰ কুইজ প্ৰতিযোগিতাত ২০ টা দলে অংশগ্ৰহণ কৰে। পাটাছাকুছি প্ৰেছ ক্লাবৰ সভাপতি নৱকান্ত কলিতাও উপস্থিত থকা এই দুদিনীয়া কাৰ্যক্ৰমত বজালী অঞ্চলৰ ৯খন শিক্ষানুষ্ঠানৰ প্ৰায় ৪০০০ ছাত্ৰ ছাত্ৰীয়ে ভাগ লয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like