ধুবুৰীৰ শিক্ষক দিৱসৰ মূল তোৰণৰ এটা বিশেষ শব্দৰ বানান ভুল নেকি বুলি প্ৰশ্ন সচেতন ৰাইজৰ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: ধুবুৰী জিলা শিক্ষক দিৱস উদযাপন সমিতিৰ উদ্যোগত ধুবুৰীস্থ জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত আজি ৬১সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়৷ উক্ত কাৰ্য্যসূচী উপলক্ষে স্থাপন কৰা আদৰণী তোৰণত থকা এটা বিশেষ শব্দ এটাৰ বানান অশুদ্ধ নেকি বুলি এতিয়া সৃষ্টি হোৱা পোৱা গৈছে প্ৰতিক্ৰিয়াৰ। সেই তোৰণটোত থকা ‘‘তস্মৈ শ্ৰীগুৰৱে নমঃ’’ শাৰীটো প্ৰত্যক্ষ কৰা প্ৰত্যক্ষদৰ্শীৰ বহুতেই সেয়া ‘তস্মৈ শ্ৰীগুৰুৱে নমঃ’ বুলি আঙুলীয়াই দিয়া দেখা গৈছে আৰু প্ৰশাসনযন্ত্ৰৰ উপস্থিতিত হোৱা ধুবুৰীৰ সেই শিক্ষক দিৱসৰ কাৰ্য্যসূচীৰ মূল তোৰণতে এইদৰে অশুদ্ধ শব্দ এটা থকাটো এক অবাঞ্চিত ঘটনা বুলিয়েই চৰ্চা লভিছে।