নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহাৰঘাটত নিবনুৱাৰ বাবে বিশেষ প্ৰশিক্ষণ আৰছুৰ

নিয়মীয়া বাৰ্তা, ২৭ জুলাই : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বৰদুৱাৰ ভোলাগাঁও মৌজাৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এলানি দীৰ্ঘকালীন প্ৰশিক্ষণৰ দিহা কৰিছে৷ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই বৃহত্তৰ অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলে অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ উক্ত বিনামূলীয়া প্ৰস্তুতিমূলক প্ৰশিক্ষণলানিৰ ব্যৱস্থা কৰিছে৷ উক্ত প্ৰশিক্ষণলানিত অসমৰ উল্লেখযোগ্য ব্যক্তিসকলৰ দ্বাৰা প্ৰশিক্ষণ তথা পৰামৰ্শ প্ৰদান কৰি থকা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে আজি ই- কুঁহিপাঠ একাডেমীৰ নিৰ্মল ডেকা, ৰিমঝিম পাঠক, ৰিমঝিম কলিতা আৰু কৃষ্ণা শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকি যিকোনো নিযুক্তি লাভৰ ক্ষেত্ৰত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাসমূহৰ বিষয়ে সাৱলীলভাৱে বুজাই দিয়ে৷ আনকি সাম্প্ৰতিক সকলো পৰ্যায়ৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়েও যুৱক-যুৱতীসকলক পৰামৰ্শ আগবঢ়ায়৷ উক্ত কাৰ্যসূচীত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক আৰছুৰ সভাপতি কমলেশ্বৰ ৰাভা, সাধাৰণ সম্পাদক দীপজ্যোতি বাৰ্চুং, শিক্ষা সচিব প্ৰাণজিৎ ৰাভাৰ উপৰি হেমন্ত ৰাভা, গোবিন্দ ৰাভাকে ধৰি আৰছুৰ সদস্যসকল উপস্থিত আছিল ৷

প্ৰেৰক নুৰুল ইছলাম

You might also like