নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিকাঞ্চন সংযোগঃ নাৰায়ণপুৰৰ শ্ৰীশ্ৰী ধূৱাহাট বেলগুৰি সত্ৰৰ সাংস্কৃতিক শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ আজি আহিন মাহৰ শুক্লা সপ্তমী তিথি ৷ আজিৰ দিনটোতেই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ মণিকাঞ্চন সংযোগ ঘটিছিল৷ গুৰুদুজনাৰ মণিকাঞ্চন মিলনৰ ৪৯৯ সংখ্যক জয়ন্তী আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে সংযোগস্থলী নাৰায়ণপুৰৰ শ্ৰীশ্ৰী ধূৱাহাট বেলগুৰি সত্ৰত উদযাপন কৰা হয়। পুৱাৰ ভাগত উষা কীৰ্তন, পতাকা উত্তোলন, গছপুলি ৰোপণৰ পিছতে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে সত্ৰৰ কীৰ্ত্তন ঘৰত নাম প্ৰসংগ আৰু পিছতে সত্ৰাধিকাৰ শ্ৰীশ্ৰী মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। আগন্তুক ৫০০ বছৰীয়া জয়ন্তী বৰ্ষজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ৷

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি শ্ৰীশ্ৰী ধূৱাহাট বেলগুৰি সত্ৰখন মাজুলীৰ পৰা নাৰায়ণপুৰলৈ স্থানান্তৰিত হৈছিল ৷ শ্ৰীশ্ৰী ধূৱাহাট বেলগুৰি সত্ৰত মণিকাঞ্চন প্ৰকল্পৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে ৷

You might also like