শ্ৰীভূমিত আৰক্ষীৰ সফলতা, য়াবা টেবলেট জব্দ
ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। এইবাৰ মাদকদ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক অভিযানত শ্ৰীভূমি জিলা আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা।
গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশা শ্ৰীভূমি সদৰ থানাৰ অন্তৰ্গত শৰীফনগৰৰ ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত আৰক্ষীয়ে চলালে এক বিশেষ অভিযান।
সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু টিএছআইৰ যৌথ নেতৃত্বত চলা এই অভিযানত জব্দ কৰা হৈছে প্ৰায় ১০ হাজাৰ নিষিদ্ধ যাৱা টেবলেট। জব্দকৃত এই ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আনুমানিক ১ কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে অসিত পাল আৰু মোহিত আহমদ নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ধৃত দুই সৰবৰাহকাৰীক আৰক্ষীয়ে জিম্মাত লৈ সোধাপোছা অব্যাহত ৰাখিছে।
এই বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেটসমূহ ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল, সেই সমগ্ৰ দিশ বৰ্তমান তদন্তৰ আওতালৈ আনিছে আৰক্ষীয়ে।
ডিজিটেল ডেস্ক, ১১ জুলাই