হিমাচলত নিহত এছএছবি জোৱান ধনজিতৰ শেষকৃত্য সম্পন্ন
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ দেশমাতৃক সেৱা কৰিবলৈ যোৱা বজালীৰ এগৰাকী জোৱানে যোৱা ১৭ ডিছেম্বৰৰ দুপৰীয়াৰ ভাগত কৰ্তব্যৰত অৱস্থাত দুৰ্ভাগ্যজনকভাবে মৃত্যুক সাৱটি লবলগীয়া হোৱা ঘটনাই শোকস্তব্ধ কৰি তুলিছে গৃহভূমি বজালীক৷ ঘটনাৰ বিৱৰণী অনুসৰি বজালীৰ পাঠশালাৰ সমীপবৰ্তী বৰবাং কুমাৰপাৰা নিৱাসী তথা হিমাচল প্ৰদেশত এছ এছ বি ত কৰ্মৰত ধনজিৎ দাস নামৰ জোৱানজনে অইন দিনাৰ দৰে যোৱা ১৭ ডিচেম্বৰত নিজৰ কৰ্তব্য পালন কৰি আছিল যদিও অসাৱধানবশত দুৰ্ভাগ্যজনকভাবে নিজৰ ৰাইফলৰ গুলী লাগি থিতাতে নিহত হয় জোৱানগৰাকী৷ দিনৰ প্ৰায় দুই বজাত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাটোৰ খবৰ জোৱানজনৰ পৰিয়ালক বিভাগীয়ভাবে বিয়লিৰ ভাগত জনোৱাৰ পাছতে জোৱানজনৰ পৰিয়ালটোৰ মাজত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয়৷ মাত্ৰ আঢ়ৈমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা জোৱানগৰাকীৰ অস্বাভাৱিক মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ পিছতে মৃত্যুৰ দুদিনৰ পিছত আজি তেওঁৰ নশ্বৰ দেহ নিজ গৃহলৈ লৈ অহাৰ পিছতে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়৷ সীমা সুৰক্ষা বলৰ বিভাগীয় লোকে আজি ধনজিৎৰ নিথৰ দেহ কফিনত ভিতৰত লৈ স্বগৃহ পোৱাৰ লগে লগেই উপস্থিত আত্মীয় স্বজন তথা অঞ্চলবাসীৰ কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হয়৷ ইয়াৰ পিছতে তেওঁৰ কফিন ত্ৰিৰংগ পতাকাৰে আবৃত কৰি সামৰিকভাৱে শেষ শ্ৰদ্ধা জনোৱা হয়৷ জানিব পৰা অনুসৰি যোৱা ছেপ্তেম্বৰ মাহত বিবাহ পাশত আবদ্ধ হোৱা ধনজিৎ জানুৱাৰী মাহত ঘৰলৈ অহাৰ কথা আছিল৷ ২০১১ বৰ্ষত চাকৰিত জইন কৰা ধনজিৎ অতি অমায়িক আৰু মৃদুভাষী স্বভাৱৰ বাবে সকলোৰে প্ৰিয় পাত্ৰ আছিল৷ মাতৃ, পত্নীৰ লগতে দুই ভ্ৰাতৃ তথা আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যোৱা জোৱানজনৰ আজি আবেলি অগণন লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়৷
প্ৰেৰক কল্যাণ কলিতা