নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত দ্বিতীয় মেডিকেল কলেজ : ৰাজ্য চৰকাৰ-ব্রাইট ষ্টাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

বিশেষ বাৰ্তা, ৪ নৱেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত আজি গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ একাডেমিক ব্লকৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰ আৰু ব্রাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্রাইভেট লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং আৰু ব্রাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্রাইভেট লিমিটেডৰ প্রমোটৰ তথা প্রতিষ্ঠাপক ৰাধাকিষণ দামানীয়ে এই চুক্তিত স্বাক্ষৰ কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ চিকিৎসা শিক্ষাৰ ক্ষেত্রত আজি এক ঐতিহাসিক দিন৷ ৰাজ্য চৰকাৰ আৰু ব্রাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্রাইভেট লিমিটেডৰ মাজত স্বাক্ষৰিত এই বুজাবুজিৰ চুক্তিয়ে ৰাজ্যৰ চিকিৎসা শিক্ষাৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিলে৷ ৰাজ্য চৰকাৰে প্রথমবাৰৰ বাবে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণৰ দিশত ব্যক্তিগত খণ্ডৰ সৈতে সহযোগিতাৰে পদক্ষেপ লবলৈ আগবািিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে ব্রাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্রাইভেট লিমিটেডৰ প্রমোটৰ তথা প্রতিষ্ঠাপক ৰাধাকিষণ দামানীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে দামানীয়ে তেওঁৰ কোম্পানীৰ জৰিয়তে শিক্ষা, স্বাস্থ্য, গৱেষণা, মহিলা সবলীকৰণ, জল সংৰক্ষণ, দক্ষতা বিকাশ আৰু ক্রীড়াৰ ক্ষেত্রত উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে৷ কভিড মহামাৰীৰ সময়ত পি এম কেয়াৰ্ছ আৰু মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ সাহায্য আগবঢ়োৱাৰ কথাও ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে৷ ব্রাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্রাইভেট লিমিটেডে সামাজিক দায়বদ্ধতাৰ উজ্জ্বল নিদর্শন দাঙি ধৰি অসমত চিকিৎসা শিক্ষাৰ ক্ষেত্রত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ভাৰতবর্ষত বিভিন্ন শিক্ষানুষ্ঠান স্থাপন আৰু চিকিৎসালয়সমূহক সহায়–সহযোগিতা আগবেোৱাৰ দিশত এই প্রতিষ্ঠানৰ এক বর্ণাঢ্য ইতিহাস আছে৷ মুখ্যমন্ত্রীয়ে কয় যে ভাৰতীয় ছাত্র–ছাত্রীসকলক চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্রত অধিক সুযোগ প্রদান কৰাৰ বাবে কর্পৰেট খণ্ডসমূহলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই ব্রাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্রাইভেট লিমিটেডে অসমক প্রথমখন ৰাজ্য হিচাপে বাছি লৈ তেওঁলোকে সহযোগিতা আৰম্ভ কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রায় ৬ দশক পূর্বে ১৯৬০ চনত ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণৰ প্রয়োজনীয়তা পূৰণৰ বাবে গুৱাহাটীত প্রথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল৷ তেতিয়াৰ তুলনাত বর্তমান ৰাজ্যখনত জনসংখ্যা বহুগুণে বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্রহণৰ ইচ্ছুক ছাত্র–ছাত্রীৰ সংখ্যাও বৃদ্ধি পাইছে৷ নিতৌ বৃদ্ধি পোৱা চাহিদাৰ প্রতি বিবেচনা কৰি চৰকাৰে ৰাজ্যৰ বিভিন্ন প্রান্তত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি চিকিৎসা শিক্ষা আৰু উন্নত স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধিৰ বাবে বহু পদক্ষেপ গ্রহণ কৰিছে৷ উত্তৰ–পূর্বাঞ্চলৰ অর্থনৈতিক আৰু সামাজিক ক্ষেত্রখনৰ কেন্দ্রবিন্দু হিচাপে গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ প্রয়োজন আছিল দীর্ঘদিনীয়া৷ এই প্রয়োজনীয়তা পূৰণৰ বাবে এক বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰি অসম চৰকাৰে গুৱাহাটীৰ কালাপাহাৰ আৰু এম এম চিত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম হাতত লৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে এই চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক ব্লকৰ লগতে স্নাতক শ্রেণী আৰু ইণ্টার্ণ হোষ্টেলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্রাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্রাইভেট লিমিটেডে কোম্পানীৰ সামাজিক দায়বদ্ধতা পুঁজি হিচাপে ১৫০ কোটি টকাৰ অৱদান আগবঢ়াইছে৷ তেওঁ লগতে কয় যে গুৱাহাটীৰ এই চিকিৎসা মহাবিদ্যালয়খনৰ স্থাপনৰ কাম আগুৱাই নিয়াৰ পদক্ষেপ হিচাপে অসম চৰকাৰ আৰু ব্রাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্রাইভেট লিমিটেডৰ মাজত এই বুজাবুজিৰ চুক্তি ৰূপায়ণ কৰা হৈছে৷ এই সহযোগিতাই চিকিৎসা মহাবিদ্যালয়খন স্থাপন আৰু ছাত্র–ছাত্রীসকলৰ চিকিৎসা বিজ্ঞান অধ্যয়নৰ আকাংক্ষা পূৰণৰ ক্ষেত্রত বাৰুকৈয়ে সহায় কৰিব বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে অসমৰ প্রতিখন জিলাত এখনকৈ চিকিৎসা মহাবিদ্যালয় নির্মাণৰ লক্ষ্যৰে কাম কৰি আছে৷ বর্তমানৰ ৯ খন চিকিৎসা মহাবিদ্যালয়ৰ উপৰি ১৫ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে পদক্ষেপ লোৱা হৈছে৷ নতুন ১৫খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ৭খন চিকিৎসা মহাবিদ্যালয় ক্রমে নলবাৰী, নগাঁও, কোকৰাঝাৰ, তিনিচুকীয়া, চৰাইদেউ, বিশ্বনাথ চাৰিআলি আৰু গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নির্মাণৰ কাম কৰি থকা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অহা ডিচেম্বৰ মাহৰ পৰা গোলাঘাট, বঙাইগাঁও, মৰিগাঁও, তামুলপুৰ আৰু ধেমাজিত নতুন ৫ খন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হব৷ প্রস্তাৱিত আন চিকিৎসা মহাবিদ্যালয়সমূহৰ্ কামো শীঘ্রে আৰম্ভ হব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অহা ৫ বছৰৰ ভিতৰত অসমত মুঠ ২৪খন চিকিৎসা মহাবিদ্যালয় নির্মাণৰ লক্ষ্যৰে কাম কৰি আহিছে৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ২০১৪ চনত এম বি বি এছৰ আসনৰ সংখ্যা ৭২৬ খন থকাৰ বিপৰীতে ২০২২ চনত ১২০০ খনলৈ বৃদ্ধি পাইছে৷ ২০১৪ চনলৈকে অসমত মুঠ স্নাতকোত্তৰ শ্রেণীৰ আসনৰ সংখ্যা আছিল ৩৯৫৷ ২০২২ চনত পি জি আসনৰ সংখ্যা বৃদ্ধি হৈ ৭১১ খন হৈছে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত বর্তমান ৪৪ খন ছুপাৰ স্পেচিয়েলিটি আসন উপলব্ধ আছে৷ ২০২৪ চনৰ ভিতৰত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্রম আৰম্ভ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ভাৰতৰ চিকিৎসা খণ্ডৰ সামগ্রিক বিকাশৰ প্রয়োজনীয়তা বিবেচনা কৰি প্রধানমন্ত্রীয়ে চিকিৎসা শিক্ষাৰ ক্ষেত্রত চৰকাৰী খণ্ডৰ সৈতে সহযোগিতা আগববাবলৈ কর্পৰেট খণ্ডসমূহক আহ্বান জনাইছে৷ ৰাজ্য চৰকাৰে স্বাস্থ্য আন্তঃগাঁথনি আৰু চিকিৎসা বিজ্ঞানৰ শৈক্ষিক সুযোগ বৃদ্ধি কৰাৰ উপৰি অত্যাধুনিক স্বাস্থ্য সেৱা প্রদানৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷  অনুষ্ঠানত মন্ত্রী কেশৱ মহন্ত, ব্রাইট ষ্টাৰ ইনভেষ্টমেণ্ঢছ প্রাইভেট লিমিটেডৰ প্রমোটৰ তথা প্রতিষ্ঠাপক ৰাধাকিষণ দামানী, দামানী ফাউণ্ডেচনৰ হেড ষ্ট্রাষ্টী মধু চন্দায়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং প্রমুখ্যে অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like