নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত ১০ লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজনক

বিশেষ বাৰ্তা,  ১৯ মে’ :  বিলাসী ট্ৰেইনেৰে ৰাজ্যত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে সৰবৰাহকাৰীয়ে ৷ যোৱা নিশাও ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে শদিয়া শান্তিপুৰৰ এনিমেল টায়েং নামৰ এজন লোকে  বৃহৎ পৰিমাণৰ মাৰাত্মক ড্ৰাগছ সৰবৰাহ কৰিছিল ৷ কিন্তু তিনিচুকীয়া আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক পুলকেশ ৰাভা আৰু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত এনিমেল টায়েং নামৰ লোকজনক আটক কৰাৰ লগতে ১১টাকৈ মাৰাত্মক ড্ৰাগছৰ পেকেট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ আৰক্ষীয়ে জানিব দিয়া অনুসৰি, জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১২২.১৩ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা ৷ ইফালে, ড্ৰাগছসহ আটক কৰা লোকজনে ড্ৰাগছখিনি ডিমাপুৰৰ পৰা শদিয়ালৈ লৈ যোৱা হৈছিল বুলি সদৰী কৰাৰ লগতে ড্ৰাগছখিনি শদিয়া শান্তিপুৰৰ মণ্টু গগৈ নামৰ এজন লোকৰ বুলি উল্লেখ কৰে ধৃত এনিমেল টায়েঙে ৷
প্ৰেৰক বিবেক বড়া
You might also like