নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰম পূজাৰ দিনটো চৰকাৰী বন্ধ ঘোষণাৰ দাবীত মুখ্যমন্ত্ৰীলৈ আছাৰ স্মাৰক পত্ৰ

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) তিনিচুকীয়া জিলা সমিতিয়ে ভাদমাহৰ শুক্লা একাদশী তিথিত আদিবাসী সকলৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবী জনাইছে। সংগঠনটোৱে আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ যোগে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ভাৰতৰ অন্য অংশৰ লগতে অসমতো কৰম উৎসৱ উদযাপন কৰি আহিছে আদিবাসী ৰাইজে।

এই দিনটো চৰকাৰী ভাৱে বন্ধ ঘোষনা কৰাৰ লগতে বাগিচা সমূহ বন্ধ ৰখা ব্যৱস্থা কৰিবলৈ স্মাৰক পত্ৰ খনৰ যোগে আহ্বান জনায়। আছাৰ তিনিচুকীয়া জিলাৰ সভাপতি ৰাজা কুজুৰ আৰু সম্পাদক ৰামানুজ লাক্ৰাৰ স্বাক্ষৰিত স্মাৰক পত্ৰ যোগে কৰম পূজাৰ দিনা চৰকাৰী বন্ধ ঘোষনা কৰা, আদিবাসী ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰ স্থাপন কৰা, প্ৰতিখন বাগিছাতে কৰম ৰংগ মঞ্চ স্থাপন কৰাৰো দাবী জনায়।

You might also like