চিৰাঙৰ বিজনীত চুম্বকীয় মানুহঃ চুম্বকীয় মানুহৰ দেহত লাগি ধৰে ষ্টীলৰ চামুচ
নিয়মীয়া বাৰ্তা ১৪ জুনঃ চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী কাৱাটিকাত এগৰাকী লোকৰ দেহত চুম্বকীয় আকৰ্ষণ দেখিবলৈ পোৱা গৈছে ৷ কাৱাটিকা নিবাসী শিৱশংকৰ অধিকাৰীৰ দেহত দেখা গৈছে অলৌকিক ঘটনা ৷ অধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, কেইদিনমান আগতে বাতৰিত দেখি নিজ দেহত পৰীক্ষা কৰি দেখিলে যে সঁচাকৈ চামুচ তেওঁৰ দেহতো লাগি ধৰে ।
বিজনী চহৰৰ নিকটৱৰ্তী ভেটাগাঁৱৰ নৱাৰূণ হাইস্কুলৰ বিজ্ঞান শাখাৰ শিক্ষক শিৱ শংকৰঅধিকাৰী । শিক্ষকজনৰ মতে এয়া কোনো ভেকচিন লোৱাৰ বাবে নহয়, এয়া একাংশ মানুহৰ দেহত এক ধৰণৰ মেগ্নেটিক পাৱাৰ থাকে যাৰ ফলত এই ধৰণৰ ষ্টীল জাতীয় সামগ্ৰী দেহত লাগি ধৰে । শিক্ষকজনে আৰু জানিবলৈ দিয়া মতে, বিগত প্ৰায় সাত বছৰ পূৰ্বে তেওঁ এই পৰীক্ষা কৰিছে ।