নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগতানুগতিক কাহিনীৰে আজিৰ পৰা ‘ৰং’ত নতুন ধাৰাবাহিক ‘চক্রবেহু’

নিয়মীয়া বাৰ্তা ১৪ জুনঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’৷ জন্মলগ্ণৰে পৰা ‘ৰং’ চেনেলে দর্শকৰ মানসপটত ইতিবাচক সাঁচ পেলাবলৈ সক্ষম হৈছে৷ প্রতিশ্রুতিবদ্ধ সৈনিকৰ দৰে একেই বিশ্বাস অক্ষুণ্ণ ৰাখি আজিও দর্শকৰ প্রথম পছন্দ হিচাপে সমস্ত ধাৰা দৈনিক ঊর্ধ্বগামী হোৱাকৈ নিজকে প্রতিষ্ঠাকৰিবলৈ সক্ষম হৈছে৷ বিনোদন আৰু আমোদ প্রদানেই মূল উদ্দেশ্য আছিল যদিও আজি ইমান বছৰে সম্প্রচাৰ হোৱা প্রতিখন ধাৰাবাহিকৰ প্রত্যেকটো চৰিত্রক দর্শকে এনেদৰে আঁকোৱালি ল’লে যে চৰিত্রৰ সুখ, দুখ, মান, অভিমান,  হাঁহি, কান্দোন, খং, ক্ষোভ, স্বাভিমান সকলো সামৰি নিজেও একাত্ম হৈ পৰিল আৰু ‘ৰং’ চেনেলক তেওঁলোকৰ পৰিয়ালৰেই সদস্য হিচাপে মৰম–চেনেহ প্রদান কৰিলে৷ প্রকৃতার্থত এই বৃহৎ পৰিয়ালৰ ভালপোৱা আৰু আশীর্বাদেই ‘ৰং’ চেনেলৰ বাবে সঞ্জীৱনীসদৃশ…৷ এইবাৰ ৰঙে আগবঢ়াইছে অগতানুগতিক কাহিনীৰ ধাৰাবাহিক ‘চক্রবেহু’৷

‘জীৱন মানেনো কি? কিছু সময়ৰ সমাহাৰ’৷ যিখিনি সময়ক আমি ‘মোৰ জীৱন’ বুলি কওঁ, কিন্তু প্রকৃতার্থত এই ‘মোৰ জীৱন’ বুলি অহম প্রকাশ কৰা সময়খিনিৰ লেকাম, আমাৰ নিজৰ হাততেই নাথাকে৷ তেন্তে কাৰ হাতত থাকে? কিয় আমি মানুহবোৰে স্বয়ং শ্রেষ্ঠ সাজি, জীৱশ্রেষ্ঠৰ ভাৰ নিজৰ কান্ধত লৈছোঁ৷ যদি এক ছেকেণ্ডৰ পিছত এই জীৱনটোৰ কি হ’ব নিজেই নাজানো তেন্তে কিয় এইবোৰ…, আক্রোশ, খং, ক্ষোভ, প্রতিশোধ, ঘৃণা, ৰহস্য… চক্রবেহু? অভিজ্ঞজনে কৈ গৈছে, আমি সকলো সময়ৰ হাতৰ পুতলা৷ সময়ে আমাক যেনেকৈ নচুৱায় আমি তেনেকৈয়ে নাচি থাকো৷ এই যে আমি দম্ভালি মাৰো ‘এই সকলোবোৰ মোৰ কৃতকার্যতা’ বুলি সেয়াও আচলতে সময়ৰেই খেল৷ বিভিন্ন ঘাত–প্রতিঘাতৰ সন্মুখীন হৈ জীৱন বাটত আগুৱাই যাওঁতে ‘সুকন্যা’ই ভালকৈয়ে বুজি উঠিছে, জীৱনে যিমানেই আঘাত নিদিয়ক কিয়, মলম সময়েই লগায়৷

সৰুতেই মাক দেউতাকক হেৰোৱাই লোভী খুৰাক–খুৰীয়েকৰ লগত ডাঙৰ হোৱা সুকন্যাই বহুতো শোক বুকুতেই সামৰিছে৷ খুৰাক–খুৰীয়েকৰ কথাকেই সাৰোগত কৰি সুকন্যাই চহৰৰ ধনী মানুহ এঘৰলৈ বিয়া হয় আৰু প্রণয় চৌধুৰীৰ দ্বিতীয় পত্নী হৈ পৰে৷ প্রতিগৰাকী ন কইনাই কঢ়িওৱাৰ দৰে সুকন্যাইয়ো সপোনৰ টোপোলা এটা কঢ়িয়াইছিলহে মাথোঁ, কিন্তু অনুভৱ কৰিলে তাত আঁচোৰ পৰিছে৷ ঘৰখনৰ প্রতিগৰাকী সদস্যৰ চকুলৈ চালেই মনত প্রশ্ণৰ উদয় হয়৷ উত্তৰ বিচাৰি গ’লে আৰু অলেখ প্রশ্ণই খেদি আহে৷ খুব মৰীমিয়াল আৰু সহজ–সৰল প্রণয়ো কোনো সময়ত ৰহস্যৰ আৱর্তত সোমাই পৰে৷ জীৱনে সন্মুখীন কৰোৱা এই সাথৰ ভাঙিবলৈ যাওঁতে সুকন্যাই যেন কোনো চক্রবেহুৰ মাজত সোমাই পৰে৷ এনেদৰে ঘটনা বহুলভাৱে আগবাঢ়িব ‘চক্রবেহু’ৰ কাহিনী৷ দিব্যজ্যোতি ডেকাৰ কাহিনীৰে চিত্রনাট্য আৰু সংলাপ লিখিছে নয়ন সাউদ আৰু ৰিণ্টুমণি বৰাই৷

চক্রবেহু ধাৰাবাহিকখন আগুৱাই নিওঁতে বহুতো ন–পুৰণি শিল্পীৰ সমাহাৰ ঘটিছে৷ প্রত্যেকেই নিজৰ নিজৰ চৰিত্রসমূহ খুব সুন্দৰকৈ ৰূপায়ণ কৰিছে৷ মুখ্য চৰিত্রত অভিনয় কৰিছে কেইবাখনো ভ্রাম্যমাণ থিয়েটাৰ তথা অসমীয়া ধাৰাবাহিকত ব্যতিক্রমী অভিনয়েৰে দর্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হোৱা মোহময়ী অভিনেত্রী চিমি দাস, লগতে কেইবাখনো অসমীয়া ধাৰাবাহিক দুটি মনৰ জোনাক, পৰিণীতা আৰু সপোনৰ ডেউকা আদিত অভিনয় কৰা যুৱপ্রজন্মৰ জনপ্রিয় অভিনেতা সিদ্ধান্ত কলিতা৷ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত শ্বুটিং চলি থকা ‘চক্রবেহু’ ধাৰাবাহিকখনত অসমৰ বহুকেইজন বৰেণ্য শিল্পীয়ে অভিনয় কৰাৰ লগতে বহুকেইগৰাকী নৱাগতক তেওঁলোকৰ প্রতিভা বিকাশৰ সুযোগ দিয়া হৈছে৷ ধাৰাবাহিকখনত সুন্দৰকৈ নিজৰ অভিনয় শৈলী প্রকাশ কৰা অন্য শিল্পীসকল হ’ল– ঈশান হাজৰিকা, ভগৱত প্রীতম, জয়শ্রী গোস্বামী, গুণাকৰ দেৱগোস্বামী, দেৱযানী নাথ, পল্লৱ বৰা, নিশা কাশ্যপ, ৰাগিণী শর্মা, ৰাখী শইকীয়া, বিশাল গগৈ, পুলক ভট্টাচার্য, দিগন্ত মজুমদাৰ, বিশ্বজিৎ ওজা, পার্থপ্রতিম হালৈ, দিব্যজ্যোতি ডেকা, স্মৃতিৰেখা ডেকা, প্রাণজিত কলিতা, পৰমানন্দ বর্মন, অনামিকা স্বর্গীয়াৰী, নগেন ডেকা, পিংকী শর্মা, ছুইটী সৰকাৰ, অর্পণা ভট্টাচার্য, ভার্গৱ চহৰীয়া, ভাগ্যশ্রী, আকাশ, জ্যোতিষ আদিয়ে৷ লগতে শিশুসুলভতাৰে ধাৰাবাহিকখনত অনন্য মাত্রা প্রদান কৰিছে শিশুশিল্পী মনীষ ভূঞা, হিনা কাশ্যপ আৰু মিস্তীয়ে৷

দেৱাশিস নাথৰ কথাৰে কৃষাণু বৰুৱা আৰু পল মহন্তই সুৰ কৰা চক্রবেহু ধাৰাবাহিকৰ শীর্ষ গীতটিত কণ্ঠ নিগৰাইছে পল মহন্তই৷ ব্যতিক্রম ধাৰাবাহিকখনৰ প্রতিজন শিল্পী, প্রতিটো দৃশ্যক মনোমোহাকৈ কেমেৰাত বন্দী কৰিছে বিশিষ্ট দৃশ্যগ্রহণকাৰী বিপুল দাসে আৰু তেওঁৰ সহকাৰীৰ দায়িত্বত আছে মহেন্দ্র কলিতা৷ যিহেতু ধাৰাবাহিকখনে গতানুগতিকতাৰ পৰা ফালৰি কাটি অন্য পথত গতি কৰিছে, ইয়াত আৱহ সংগীতে বিশেষ ভূমিকা পালন কৰিছে আৰু এই দায়িত্ব সুন্দৰভাৱে পালন কৰিছে বর্তমান সময়ৰ প্রায় প্রতিখন ধাৰাবাহিকৰেই আৱহ সংগীতকাৰ পৰাগপ্রিয়ম নাথে৷ পুনঃশব্দ গ্রহণৰ দায়িত্বত আছে নিবিড় ৰয় কলিতা৷

উল্লেখ্য যে ধাৰাবাহিকখনত সুন্দৰকৈ গ্রাফিক্সৰ কাম কৰিছে প্রণৱে৷ দৃশ্যসজ্জাৰ দায়িত্বত আছে পার্থপ্রতিম হালৈ৷ ৰূপসজ্জাৰ দায়িত্বত আছে পংখী হাজৰিকা আৰু সোণালী ৰাভা৷ পোহৰৰ দায়িত্বত আছে মহেন্দ্র, পুলক, জ্যোতিষ, নাৰায়ণ, বাবলু, হেমন্ত আদি৷ এই অগতানুগতিক ধাৰাবাহিকখনৰ কার্যবাহী প্রয়োজনাৰ দায়িত্ব বহন কৰিছে দিব্যজ্যোতি ডেকা আৰু স্মৃতিৰেখা ডেকাই৷ পৰিচালনাৰ দায়িত্বত আছে খুব কম সময়ৰ ভিতৰতেই জনপ্রিয় হৈ পৰা, আঞ্চলিক তথা ৰাষ্ট্রীয় পর্যায়ৰ চেনেলতো নিজৰ দক্ষতা প্রতিপন্ন কৰিবলৈ সক্ষম হোৱা, মিছন কাজিৰঙা, স্বাভিমান আদি ধাৰাবাহিকৰ পৰিচালক ধ্রুৱজ্যোতি কাশ্যপ৷ মুখ্য সহকাৰী পৰিচালনাৰ দায়িত্বত আছে চিমি দাস আৰু সহকাৰী পৰিচালনাৰ দায়িত্বত আছে পার্থপ্রতিম হালৈ৷ দর্শকৰ মনত কিছু নতুন শিহৰণ যোগোৱাৰ মানসেৰে ‘চক্রবেহু’ ধাৰাবাহিকখন সম্পাদনা কৰিছে সুনীলে৷ কাইলৈৰ পৰা প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত সম্প্রচাৰ হ’ব লগা ‘চক্রবেহু’ ধাৰাবাহিকখনক দর্শকে পৰিয়ালৰেই সদস্য বুলি মৰম–চেনেহ আৰু আশীর্বাদেৰে আঁকোৱালি ল’ব বুলি ‘চক্রবেহু’ ধাৰাবাহিকৰ সমূহ সদস্য তথা ‘ৰং’ চেনেলৰ সমূহ পৰিয়াল আশাবাদী৷

You might also like