তিনিচুকীয়াত শনিবাৰে নিশা অহা ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতি
- ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন উপায়ুক্ত স্বপ্নীল পালৰ, সংবাদমেলৰ জৰিয়তে জনসাধাৰণক আতংকিত নহবলৈ আৰু পুনৰুদ্ধাৰৰ অভিযানত প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জিলা উপায়ুক্তৰ।
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: শনিবাৰে নিশা অহা বিধ্বংসী ধুমুহা তথা শিলাবৃষ্টিত তিনিচুকীয়া চহৰৰ লগতে তিনিচুকীয়া আৰু ডুমডুমা ৰাজহচক্ৰৰ অন্তৰ্গত বহু গাওঁত ব্যাপক হাৰত ক্ষতিসাধন হৈছে। শিলাবৃষ্টিৰ ইমানেই বেছিকৈ হৈছিল যে দেওবাৰে পুৱাপয্যন্ত বৰফৰ আস্বাদন পথৰ কাষৰ নলাত, খালত পৰিলক্ষিত হৈছিল ৷ শিলাবৃষ্টিৰ ফলত বহুতো বাসগৃহৰ টিনপাত ফুটাই নষ্ট কৰাৰ লগতে প্ৰচণ্ড ধুমুহাই বৰগুৰি, নখৰাই, বাৰেকুৰি, দিহিঙীয়া গাঁৱৰ লগতে বহুতো স্থানত কাৰোবাৰ যদি ঘৰৰ টিনপাত উৰুৱাই নিয়ে কাৰোবাৰ আকৌ ঘৰত, বাহনত গছ পৰি ধ্বংস হৈছে ৷ এক কথাত ক’বলৈ গ’লে ধুমুহা আৰু প্ৰচণ্ড শিলাবৃষ্টিয়ে অধিকাংশ লোককেই অনিষ্ট কৰি যায় যদিও আজি দেওবাৰে সন্ধিয়াও পুনৰ এক ধুমুহা বলা পৰিলক্ষিত হয় ৷ কিন্তু দেওবাৰৰ ধুমুহাজাকত ক্ষতিৰ সন্দৰ্ভত অৱগত হোৱা নাই ৷ এইক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসনে ধুমুহাত ক্ষতিগ্ৰস্ত এলেকাসমূহৰ বাট-পথ মুকলি কৰাৰ লগতে বিজুলী সংযোগৰ পুনৰুদ্ধাৰ বাবে খৰতকীয়াকৈ অভিযান আৰম্ভ কৰিছে। শনিবাৰে নিশাই জিলা উপায়ুক্ত স্বপ্নীল পালে তিনিচুকীয়া চহৰৰ বিভন্ন এলেকাত উপস্থিত হৈ ধুমুহা তথা শিলাবৃষ্টিত হোৱা ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে তাৎক্ষণিক ভাৱে যাৱতীয় সাহাৰ্য্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। আজি এই সন্দৰ্ভতে তিনিচুকীয়া ৰাজহচক্ৰ বিষয়াৰ কাৰ্য্যালয়ত জিলা উপায়ুক্ত গৰাকীয়ে এখনি সংবাদমেল অনুষ্ঠিত কৰি জনসাধাৰণক আতংকিত নহবলৈ আৰু জিলা প্ৰশাসনৰ ওপৰত আস্থা ৰাখি পুনৰুদ্ধাৰৰ অভিযানত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে তথা ধুমুহাত হোৱা ক্ষয়ক্ষতিৰ বিষয়ে প্ৰশাসনক অৱগত কৰিবলৈ দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। জনসাধাৰণে ৯৩৬৫১১৮৫০৩ আৰু ৯৩৯৪৫৮৫৬২২ নম্বৰৰ জৰিয়তে ধুমুহা তথা শিলাবৃষ্টিত হোৱা ক্ষয়ক্ষতিৰ বিষয়ে প্ৰশাসনক অৱগত কৰিব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, শনিবাৰে নিশা অহা প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিত তিনিচুকীয়া চহৰৰ লগতে তিনিচুকীয়া ৰাজহচক্ৰৰ ৩০ খন আৰু ডুমডুমা ৰাজহচক্ৰৰ ২৩ খন গাওঁ গুৰুতৰভাবে প্ৰভাৱিত হৈছে। ইতিমধ্যে, তিনিচুকীয়া জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত টাৰ্পলিন আদি বিতৰন কৰিছে। যোৱা নিশাৰ ধুমুহাত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে তিনিচুকীয়া টাউন এলেকাত কেইবাজোপা গছ বাগৰি পৰাৰ ফলত অৱৰোধ হৈ পৰা বাটপথসমূহ তিনিচুকীয়া জিলা প্ৰশাসনে বন বিভাগ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত তাৎক্ষণিক ভাবে মুকলি কৰিবলৈ সক্ষম হৈছে। ধুমুহাৰ ফলত তিনিচুকীয়া টাউনৰ লগতে অন্যান্য বিভিন্ন এলেকাত বিদ্যুতৰ খুটাসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বিছিন্ন হৈ পৰা বিজুলীৰ সংযোগৰ তৎকালীন পুনৰুদ্ধাৰৰ বাবে বিদ্যুৎ বিভাগক যুদ্ধকালীন প্ৰচেষ্টা চলাবলৈ জিলা উপায়ুক্ত স্বপ্নীল পালে নিৰ্দেশ দিছে। ইয়াৰোপৰি এনেধৰণৰ প্ৰকৃতিক দুৰ্যোগৰ সময়ছোৱাত হাৰ্ডৱেৰৰ ব্যৱসায়ী সকলক ঘৰত লগোৱা টিনপাত তথা অন্যান্য আনুসাঙ্গিক সামগ্ৰীৰ দাম বৃদ্ধি নকৰিবলৈ জিলা উপায়ুক্তই সংবাদমেল যোগে আহ্বান জনায় আৰু এই ক্ষেত্রত অনতিপলমে এখন জাননীও জাৰি কৰা হব বুলি সংবাদমেলত উল্লেখ কৰে। আনহাতে, যোৱা নিশাৰ প্ৰৱল ধুমুহাত দুৰ্ভাগ্যজনক ভাৱে মৃত্যু মুখত পৰা ৰাইডাং চাহ বাগিচাৰ বিজয় মানকী আৰু বৰডুবি চাহ বাগিচাৰ দেৱ কুমাৰ ঠাকুৰৰ নিকতাত্মীয়ক ৪ লাখকৈ টকা মৰোনোত্তৰকালীন সাহাৰ্য হিচাপে প্ৰদান কৰা হৈছে বুলিও জিলা উপায়ুক্তই সংবাদমেলত অৱগত কৰে।
প্ৰেৰক:-বিবেক বড়া