নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক বাতিলৰ সিদ্ধান্তৰ পিছতে অঘটনঃ লখিমপুৰৰ মেধাৱী ছাত্রীৰ আত্মহনন

নিয়মীয়া বাৰ্তা, ২১ জুনঃ  লখিমপুৰত দেওবাৰে এগৰাকী মেধাৱী ছাত্রীয়ে ঘৰতে আত্মহননৰ পথ বাছি লয়৷ ঘটনাটো সংঘটিত হয় জিলাখনৰ কর্চন মাজেৰকুৰি গাঁৱত৷ এই গাঁৱৰে পিতৃহীনা ৰাণী গগৈ নামৰ ছাত্রীগৰাকীয়ে আত্মহনন কৰে৷

ৰাণী আছিল এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষার্থী৷ অশেষ কষ্টেৰে তেওঁ পৰীক্ষাত এটা ভাল ফলাফল পোৱাৰ আশাৰে অধ্যয়নত ব্যস্ত আছিল৷ শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ বাবে পৰীক্ষা বাতিল হোৱাৰ খবৰ শুনি হতাশ হৈয়েই ছাত্রীগৰাকীয়ে আত্মহত্যা কৰা বুলি একাংশ লোকে সন্দেহ প্রকাশ কৰিছে৷

মেধাৱী তথা উজ্জ্বল ভৱিষ্যৎসম্পন্ন এগৰাকী ছাত্রীৰ এনে অপমৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷ আৰক্ষীয়ে ঘটনাটোৰ প্রকৃত কাৰণ উদ্ঘাটনৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷

You might also like