অধ্যক্ষ ৰফিকুল আলমক মুক্তিৰ দাবীত বকো থানা ঘেৰাও ছাত্ৰ-ছাত্ৰীৰ
নিয়মীয়া বাৰ্তা, ১ মাৰ্চ : বকো থানা ঘেৰাও কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। কালাতলী কাঠমী আঃ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদ। অধ্যক্ষ ৰফিকুল আলমক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ। অধ্যক্ষগৰাকীক মুক্তি দিয়াৰ দাবীত বিভিন্ন শ্ল’গান। উল্লেখ্য যে মঙলবাৰে অধ্যক্ষ ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰিছিল বকো আৰক্ষীয়ে। এগৰাকী ছাত্ৰীৰ আত্মহননৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ কৰা হৈছিল অধ্যক্ষক। যোৱা ৭ জানুৱাৰীত বিহপান কৰি বিদ্যালয়খনৰ ছাত্ৰী হেলমিনা বেগমৰ মৃত্যু হৈছিল।তাৰপিছতে অধ্যক্ষ সহিতে মহিলা সহ আন চাৰিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ছোৱালজনীৰ মাতৃয়ে। ছাত্ৰীগৰাকীক মানসিক, শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উথ্বাপিত হৈছিল। চাকৰি জীৱনৰ অন্তিম দিনা গ্ৰেপ্তাৰ কৰা হৈছিল অধ্যক্ষ ৰফিকুল আলমক।
প্ৰেৰক প্ৰীতম বায়ন